ভগৱতী প্ৰসাদ বৰুৱা ভৱনত পলিটিকেল আড্ডা

ভগৱতী প্ৰসাদ বৰুৱা ভৱনত পলিটিকেল আড্ডা

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত অসমীয়া মাহেকীয়া ৰাজনৈতিক বাৰ্তালোচনী দ্য আছাম টুডেৰ উদ্যোগত আৰু চেন্টাৰ ফৰ এনভাৰইনমেন্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেচনৰ সহযোগত ২২ জুলাইত আবেলি ৩ বজাত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত পলিটিকেল আড্ডা সফলতাৰে সম্পন্ন হয়। আড্ডাত অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ,বুদ্ধিজীৱি ড° দীনেশ বৈশ্য, ড° কৃষ্ণগোপাল ভটাচাৰ্য,ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ড° জুৰি শৰ্মা বৰদলৈ,অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান,ৰাইজৰ দলৰ সা:সম্পাদক ৰাছেল হুছেইন,আম আদমী পাৰ্টিৰ মুখপাত্ৰ ড° মামুন ইমদাদুল হক চৌধুৰী,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। আড্ডাৰ আঁত ধৰে গুৱাহাটী দূৰদৰ্শনৰ প্ৰাক্তন বাতৰি পৰিৱেশক বেদান্ত কুমাৰ শৰ্মাই।