ভগৎ সিং লাইব্ৰেৰীৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ভগৎ সিং লাইব্ৰেৰীৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২ এপ্ৰিলত গুৱাহাটী মহানগৰীৰ ফটাশিল অঞ্চলত অৱস্থিত ভগৎ সিং লাইব্ৰেৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ২৩ মাৰ্চৰ শ্বহীদত্ৰয়, শ্বহীদ-ই-আজম ভগৎ সিং,শুকদেব আৰু ৰাজ গুৰুৰ প্ৰতি শ্ৰদ্ধা জনাই শ্বহীদ বেদীত পুস্পাৰ্গ প্ৰদান কৰা হয় ।সিদিনা সন্ধিয়া অনুষ্ঠিত হয় আলোচনা সভা আৰু সাংস্কৃতিক অনুষ্ঠান ।আলোচনা সভাত সভাপতিত্ব কৰে অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে।আলোচনাত অংশ গ্ৰহণ কৰি গকুল বৰুৱাই ভগৎ সিঙৰ সংগ্ৰামী জীৱনৰ আলোকপাত কৰে ।লাইব্ৰেৰীৰ সহ সভাপতি সন্তোষ কুমাৰ ৰায়ে ভগৎ সিঙে তেওঁৰ ল’ৰালি কালতে কিদৰে অনুশীলন সমিতিত যোগদান কৰে তাৰ ওপৰত বিস্তাৰিত আলোচনা কৰে ।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি লাইব্ৰেৰী প্ৰতিষ্ঠা সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে লাইব্ৰেৰীৰ সম্পাদক প্ৰভাত ৰায়ে।সাংস্কৃতিক অনুষ্ঠানত দেশাত্মবোধক সংগীত ,কবিতা আবৃত্তি আৰু নৃত্য পৰিৱেশন কৰা হয় ।লাইব্ৰেৰীৰ উপ সভাপতি অৰবিন্দু ভট্টাচাৰ্যই অনুষ্ঠানৰ সামৰণি বক্তব্যত সুষ্ঠ সমাজ গঢ়াৰ ক্ষেত্ৰত লাইব্ৰেৰীৰ ভুমিকা বিস্তাৰিত আলোচনা কৰি সভা সমাপ্ত কৰে ।