অণুগল্প
ভগ্ন সপোন
মুন শৰ্মা, লখিমপুৰ
বহু দিন কওঁ নকওঁ কৈ ভাবি থকা অভিজিতে আজি কৈ দিলে তাইক শুনা মই তোমাক ভাল পাওঁ, নিজৰ কৰি গোটেই জীৱন ৰাখিব খোজোঁ তুমি মোক ভাল পাবা, মোৰ প্ৰেমিকা হবা।
মই নোৱাৰিম অভিজিত মই বৰ্তমান ৰিলেচনত আছোঁ অহা ফাগুনত মোৰ বিয়া। বেয়া নাপাবা তুমি!
অ হয় নেকি মই গমেই নাপাওঁ,
হয় মই কোৱা নাই পৰিয়ালৰ বাদে বাহিৰৰ মাত্ৰ তোমাক কৈছোঁ প্ৰথম।
হয় নেকি! বাৰু, ভালে থকা দুয়ো শুভেচ্ছা থাকি। পলকতে দুখ এটাই ত বুকুত খুন্দা মাৰিলে সামৰি থলে অভিনয় ভৰা এটি মিঠা হাঁহিৰে কথা খিনি কৈ গুচি গল, ক্ষন্তেকতে ভাবিলে তাই এটি ভ্ৰম আছিল, মই দেখোন ভগা সপোন ৰ নায়ক, দুনিয়াত কিমান যে আছে এনে দুৰ্ভগীয়া, আধৰুৱা সপোনৰ মালিক হবলৈ ভাগ্য লাগে অ’ ভাগ্য লাগে।
