ভগ্নহৃদয়
নিতুল নাথ
নেমুগুৰি, শিৱসাগৰ
মোৰ হৃদয়ৰ অতিথিশালাৰ
দুৱাৰৰ শলখা খুলি
তুমি নহা হ’লেই ভাল আছিল,
গুচি যোৱা পাছত তুমি
অনুভৱ ন’হলহেঁতেন জৰাজীৰ্ণ হিয়াৰ মাজত
প্রতি শ্বাস-প্রশ্বাসত তুমিহীন উচুপনিৰ |
যোৱা বাটে উভতি আহিবা বুলি
অবাক হৈ ৰৈ ,ৰৈ,
দুচকুৱে হাহাকাৰ কৰিছে বিচাৰি
তথাপিও সামৰণি পৰা নাই
তোমাৰ দুৰ্ভিক্ষৰ অপেক্ষাৰ |
তুমি নহা হ’লেই ভাল আছিল
হয়তো উজাগৰী ৰাতিত মাতাল হোৱাকৈ
পান নকৰিলোঁহেতেন লুণীয়া চকুলোবোৰ |
বিচ্ছেদৰ জ্বলা জুইত ছটফটাই, ছটফটাই
মমৰ দৰে গলি ,গলি
জ্বলি ন’গলহেঁতেন মোৰ নিথৰ দেহ |
আপঙৰ ৰাগীত যাযাবৰী জীৱন
দিশহীন , লক্ষ্যহীন, আশাহীন মন |
ধূসৰ স্মৃতিৰ কবৰ খান্দিবলৈ
কলঙৰ পাৰত বহি
অসীমত আৱদ্ধ ভগ্নহৃদয় |
বসন্তৰ আগমনত তুমি হয়তো
আঁচল উৰুৱাই গুচি গ’লা
কেঁচা মাহ-হালধিৰে হালধীয়া হ’বলৈ?
তুমি নহা হ’লেই ভাল আছিল
হয়তো বিষাদৰ উৎসৱত
জীৱন ইতিহাসৰ অন্তিম পাতনিত
লিপিবদ্ধ ন’হলহেঁতেন মোৰ কবৰৰ ঠিকনা |