ভক্তি, প্রেম আৰু ৰংৰ সমাহাৰেই ফাকুৱা – মঞ্জু কাকতি 

 ভক্তি, প্রেম আৰু ৰং ৰ সমাহাৰেই ফাকুৱা
মঞ্জু কাকতি 
শুৱালকুছি 
ভক্তি, আধ্যাত্মিক চেতনা, ৰং আৰু আনন্দৰ অপূৰ্ব সমাহাৰ শ্রীকৃষ্ণৰ দৌল যাত্রা মহোৎসৱ । ৰঙে-ৰসে একাকাৰ হৈ বিভিন্ন কাৰ্যক্রমৰে উদযাপন কৰা হেঁপাহৰ উৎসৱ হোলি বা ফাকুৱা । এই উৎসৱ সমগ্র ভাৰততে উদযাপন কৰা আৰু বিভিন্ন নামেৰে পালন কৰা হয়। যেনে —হোলী, ফাকুৱা, ফলগু উৎসৱ ,মদনোতসৱ ,বসন্তোতসৱ,হোলিকা দাহন আৰু দেউল ইত্যাদি । এই উৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় । পৌৰাণিক তথ্যৰ মতে এই উৎসৱৰ বহুতো পৌৰাণিক কাহিনী আছে তাৰ ভিতৰত এটা হৈছে —হিৰণ্য কশিপুৱে পুত্র প্রহ্লাদক হত্যা কৰিবলৈ কন্যা হোলিকাক আদেশ দিছিল । সেই আদেশ পালনৰ অৰ্থে হোলিকাই যেতিয়া নিজৰ গাত জুই লগাই প্রহ্লাদক হত্যাৰ চেষ্টা চলায় তেতিয়া নিজেই মৃত্যুমুখত পৰে । মৃত্যুৰ আগমুহুৰ্তত হোলিকাই নিজৰ ভুল স্বীকাৰ কৰি প্রহ্লাদৰ ওচৰত ক্ষমা ভিক্ষা মাগে ।ভক্ত প্রহ্লাদে হোলিকাক মুৰ চুই ক্ষমা কৰি বছৰত অন্ততঃ এবাৰ হোলিকাক মনত পেলাব বুলি বৰ দান কৰে । সেই অনুপাতে কোনো কোনো ঠাইত আজিও ফাকুৱাৰ আগদিনাই হোলিকাক দাহ কৰা প্রথা চলি আহিছে ।
লোকবিশ্বাস মতে হোলী বা ফাকুৱাৰ আৰম্ভণি শ্রীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰাই হৈছিল । সৰু হৈ থাকোতে কৃষ্ণৰ গাৰ ৰং ক’লা আৰু ৰাধাৰ গাৰ ৰং বগা হোৱা বাবে মাতৃ যশোদাৰ আগত প্রায়ে বেজাৰ কৰিছিল । সেয়ে যশোদা আয়ে ৰঙেৰে ৰাধাৰ ৰং সলোৱাৰ উপায় দিছিল আৰু সেই উপায় অনুসৰি কৃষ্ণই ৰাধাক ৰং সানিছিল আৰু তেতিয়াৰ পৰাই শ্রীকৃষ্ণই ৰাধাৰ সৈতে অন্যান্য গোপী সকলৰ লগত পূৰ্ণিমাত বৃন্দাবনত খেলা পৰ্বটোকেই এতিয়াও উৎসৱ হিচাপে পালন কৰি ইজনে সিজনক ৰঙৰ সুবাস দিয়ে ।
অসমত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে এই উৎসৱৰ প্রথম পাতনি মেলে। অসমত নৱ বৈষ্ণৱ ধৰ্ম প্রচাৰৰ কালচোৱাত এই উৎসৱৰ জৰিয়তে সমাজৰ উচ্চ-নীচ সকলো স্তৰৰ লোককে একত্রিত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁ আৰম্ভ কৰা এই উৎসৱ আজিও বিভিন্ন সত্র সমুহত উলাহ –মালহেৰে পালন কৰা দেখা গৈছে। উদাহৰণস্বৰূপে বৰপেটাৰ দৌল উৎসৱ লেখত লবলগীয়া। সেই পৰিক্রমাৰ সময়চোৱাৰ পৰাই বৰ্তমানলৈকে দেখা গৈছে যে অগনন ভক্ত-দৰ্শনাৰ্থীৰ হৃদয়ত সঞ্চাৰিত হয় ভকতিৰ ফল্গুধাৰা। চৌদিশে প্রতিধ্বনিত হয় হৰিনামৰ ধ্বনি আৰু প্রতিগৰাকী ভক্তৰ কৰ্ণকুহৰত বাজী উঠে হোলী বা ফাকুৱাৰ গীতৰ সুৰ। সেই সুৰে সুৰে পৱিত্র হৈ উঠে দেহ-মন। মনে-প্রাণে ফাকু খেলে অবিৰাম।
হোলী বা ফাকুৱা উৎসৱৰ ক্ষণ অতি মধুময়। সাতোৰঙী ৰামধেনুৰ ৰং গালে মুখে সানি পৰম উলাহ আৰু অতি হেঁপাহৰে পালন কৰক এই উৎসৱ। হিংসা পৰিহাৰ কৰি মৰমবোৰক মৰমেৰে উপচাওঁক। ফাকুৰ ৰঙেৰে ৰঙীন কৰি তোলক সমগ্র পৃথিৱীক, জগাই তোলক ভাতৃত্ব বোধ সকলোৰে হৃদয়ত বৰ্তী থাকক শ্রীকৃষ্ণৰ প্রেম —
ফাগুনৰ আকাশত নাচিছে
পূৰ্ণিমাৰ  চন্দ্রমা
সকলোকে   যাঁচিলো
হোলীৰ  শুভেচ্ছা
আকাশে বতাহে উৰিছে ৰঙৰ ফাকুৱা