বৰ পাকলগা
অমৃত গোস্বামী
সৰু সৰু বিলাকেই ভাল লাগে মোৰ ।
সৰু কথা,
সৰু মানুহ, ভাল লাগে।
ডাঙৰ মানুহ,ওচৰলৈ গʼলে –
সৰু হৈ যায় !
হাঁহিহে উঠে, কেতিয়াবা
একেবাৰেই সৰুহৈ যায় !!
সৰু সৰু বিলাক ভাল,
আৰু সৰু হʼব নোৱাৰে!
ডাঙৰ কথা,
ভয় লাগে– বৰ পাক লগা !
ডাঙৰ কথাচোন
শুনিয়েই আছো,
সেই মান্ধাতা যুগৰ পৰাই,
ডাঙৰচোন, একোকেই নহ’ল।
সৰু সৰু বিলাক ভাল,
আৰু–
সৰু হʼব নোৱাৰে ।
সৰু সৰু বিলাকেই ভাল লাগে মোৰ ।