বৰ অসম – অভিজিত বৰা

বৰ অসম 

অভিজিত বৰা

সকলোৰে মৰম যদি
জয় আই অসম হয়
অসম নামৰ গছ জোপাৰ
ডাল পাত বোৰ কিয় কাতিছা ভাই
কান্ধত গামোচা লৈ লগত এদল
লৈ সকলোৰে শ্লগান একেই হয়
জয় আই অসমী আই
শ্লগান বাজি গ’ল গছৰ পাত মৰহি গ’ল
সকলো ৰজা হ’ল ৰাজকোষ খালি  হ’ল
ৰাইজ চোন উদং খাল পৰি ৰল
কি ভাই কি আই দাদা বাই চিন নাই
জয় আই অসম এটি শ্লগান হ’ল
পৰিবৰ্তন একোৱেই নহ’ল