বৰ অসম – অভিজিত বৰা

Pc Herzindagi

বৰ অসম

অভিজিত বৰা

সকলোৰে মৰম যদি
জয় আই অসম হয়
অসম নামৰ গছ জোপাৰ
ডাল পাত বোৰ কিয় কাতিছা ভাই

কান্ধত গামোচা লৈ লগত এদল
লৈ সকলোৰে শ্লগান একেই হয়
জয় আই অসমী আই
শ্লগান বাজি গ’ল গছৰ পাত মৰহি গ’ল

সকলো ৰজা হ’ল ৰাজকোষ খালি হ’ল
ৰাইজ চোন উদং খাল পৰি ৰল
কি ভাই কি আই দাদা বাই চিন নাই
জয় আই অসম এটি শ্লগান হ’ল
পৰিবৰ্তন একোৱেই নহ’ল