বৰ্ষীয়ান নেতা সীতাৰাম য়েচুৰীৰ দেহাৱসান

বৰ্ষীয়ান নেতা সীতাৰাম য়েচুৰীৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চি পি আই (এম)ৰ বৰ্ষীয়ান নেতা তথা দলটোৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে।যোৱা কিছুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্তহৈ অসুস্থ হৈ থকা প্ৰবীণ বাওঁপন্থীনেতাগৰাকীক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। ১৯৫২ চনৰ ১২ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰা য়েচুৰীয়ে স্নাতক পৰ্যায়ত দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। দেশৰ বাঁওপন্থী ৰাজনীতিক নতুন গতি দিবলৈ সক্ষম হোৱা এইগৰাকী প্ৰবীণ নেতাৰ মৃত্যুত দেশৰ ৰাজনৈতিক ক্ষেত্ৰত পৰিছে শোকৰ ছাঁ।চি পি আই (এম)ৰ জ্যেষ্ঠ নেত্ৰী পুন্যৱতীয়ে সংবাদ মাধ্যমৰ আগত কয়, আজি বিয়লি সীতাৰাম য়েচুৰীৰ দিল্লীৰ এইমছত মৃত্যু হয়। ইয়াৰ পূৰ্বে যোৱা ১০ ছেপ্টেম্বৰত চি পি আই এমৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত সীতাৰাম য়েচুৰীৰ অসুস্থতাৰ কথা উল্লেখ কৰা হৈছিল। দলটোৰ ফালৰ পৰা এই বিবৃতিত জনাইছিল যে তেওঁ শ্বাসনলীৰ গুৰুতৰ সংক্ৰমণত ভূগি আছিল।পিডিপিৰ মুৰব্বী মেহবুবা মুফতীয়ে য়েচুৰীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে। এক শোকবাৰ্তাত তেওঁ প্ৰয়াত য়েচুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। য়েচুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে আমাৰ সম্পৰ্ক তিনি দশকধৰি অটুত আছিল আৰু আমি বিভিন্ন সময়ত ঘনিষ্ঠভাৱে সহযোগিতা কৰিছিলোঁ। ৰাজনৈতিক ক্ষেত্ৰত তেওঁ তেওঁৰ বিশ্বাসৰ শক্তি আৰু আটাইতকৈ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে প্ৰশংসিত হৈছিল।কংগ্ৰেছ নেতা পৱন খেৰাই কয়, ‘ভাৰতীয় ৰাজনীতিয়ে য়েচুৰী আৰু তেওঁ জীয়াই ৰখা মূল্যবোধক হেৰুৱাব। এজন সম্পূৰ্ণ ভদ্ৰলোক আৰু অটল বিশ্বাসী ব্যক্তি আছিল সীতাৰাম য়েচুৰী।’ য়েচুৰীক স্মৰণ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে চিপিআই(এম) নেতাজনৰ মৃত্যুত ৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষতি হ’ব। তেওঁৰ মৃত্যু হৈছে বুলি জানি দুখ পাইছোঁ। মই তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সহকৰ্মীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ।’কংগ্ৰেছ সাংসদ তথা বিৰোধী দলৰ নেতা ৰাহুল গান্ধী য়ে এক্সৰ জৰিয়তে সীতাৰাম য়েচুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি য়েচুৰীক বন্ধু বুলিও আখ্যা দিছে। ৰাহুল গান্ধীয়ে লিখিছে, আইডিয়া অফ ইণ্ডিয়াৰ ধাৰণাৰ সংৰক্ষক যাৰ দেশৰ বিষয়ে গভীৰ জ্ঞান আছিল। আমি কৰা দীঘলীয়া আলোচনাবোৰক মই মনত পেলাম।দুখৰ এই সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা।