বৰ্ষাপাৰাত আজি ৰাজস্থানৰ বিৰুদ্ধে কলাকাতাৰ মেচ

বৰ্ষাপাৰাত আজি ৰাজস্থানৰ বিৰুদ্ধে কলাকাতাৰ মেচ

ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি ঘৰুৱা দল ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব ছিজনৰ দ্বিতীয়খন মেচ। ইতিমধ্যে দুয়োটা দলেই নিজৰ নিজৰ প্ৰথমখন মেচত পৰাজিত হৈছে। সেয়ে আজিৰ মেচ দুয়োটা দলেই জয়ৰ লক্ষ্যৰেই অৱতীৰ্ণ হ’ব। ৰাজস্থান ৰয়েলছৰ প্ৰথম তিনিখন মেচত অধিনায়কৰ দায়িত্ব লাভ কৰা অসম সন্তান ৰিয়ান পৰাগৰ বাবে আজিৰ মেচখন বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। অধিনায়ক হিচাপে ঘৰৰ মাটিত প্ৰথমখন মেচ খেলিব ৰিয়ানে। অৱশ্যে কলকাতাক সহজভাৱে ল’ব বিচৰা নাই ৰিয়ান বাহিনীয়ে। ডিফেণ্ডিং চেম্পিয়ন দলটোত কেইবাগৰাকীও তাৰকা খেলুৱৈ আছে, যিয়ে যিকোনো সময়তে খেলৰ গতি সলনি কৰিব দিব পাৰে। গতিকে, মেচখনত বিশেষ ৰণনীতি তৈয়াৰ কৰি নামিব ৰাজস্থান ৰয়েলছ। প্রতিযোগিতাখনত প্রত্যাৱৰ্তন কৰাৰ বাবে আজিৰ মেচখনত জয়লাভ কৰাটো দুয়োটা দলৰ প্ৰধান লক্ষ্য।আইপিএলৰ ইতিহাসত এতিয়ালৈকে দুয়োটা দলে ৩০বাৰ মুখামুখি হৈছে আৰু ১৪বাৰকৈ দুয়োটা দলে জয়ৰ মুখ দেখিছে। ফলাফলবিহীনভাৱে দুখন মেচ সমাপ্ত হয়। ইফালে, ২০২২ চনৰ পৰা কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাজয়ৰ মুখ দেখা নাই ৰাজস্থান ৰয়েলছে। গতিকে, মেচখনতো কেকেআৰৰ বিপক্ষে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে ৰিয়ানবাহিনীয়ে।ইফালে গুৱাহাটীত আই পি এলৰ আজিৰ মেচখন উপভোগ কৰিবলৈ দৰ্শকৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ঘৰুৱা দল ৰাজস্থানৰ সমান্তৰালকৈ কলকাতা নাইট ৰাইডাৰ্ছৰো সমৰ্থকে ভিৰ কৰিছে গুৱাহাটী। অনুৰাগীৰ মাজত দেখা উৎসাহৰ পৰা অনুমান কৰা হৈছ আজি বৰ্ষাপাৰা ষ্টেডিয়ামৰ গেলেৰী সম্পূৰ্ণ ৰূপে ভৰি পৰিব।