বৰ্ষণমুখৰ ৰাতি
ইভা গন্ধীয়া ফুকন
টোপা -টোপে পৰা বৰষুণৰ শব্দত
জীপাল হয় বৰ্ষণমুখৰ ৰাতি
ৰাতিৰ নদীত নীলা পাল তৰি
আহিছে কোন আন্ধাৰৰ অতিথি
বুকুত দুকুল ভঙা দুখ
কোনে যাচিছে সঁহাৰি
কাৰ বাবে কোন জ্বলে
কান্দে ৰাতিৰ আন্ধকাৰে
আন্ধাৰত অচিনাকি বণিকৰ হাতেৰে
কোনে চিঙি নিয়ে
হৃদয়ৰ কামুক ফুলপাহি
বাঁহী বাজে গোপনে
নিৰলাত জিঞ্জিৰি বাজে লয়লাসে
কেৱল হৃদয়ে হৃদয়ে
ঘিটমিটীয়া আন্ধাৰত
কোনে জানে কাৰ পৰাজয়
জ্বলি উঠে তৰা আৰু
কাঁহ পৰি জীণ যায় ধীৰে ধীৰে
কোন আহে সপোনে শয়নে কোনে জানে
আন্ধাৰেহে হিচাপ ৰাখে
কাৰ অপূৰণ মনৰ নুপুৰ
কোন তামসী ৰাতি বাজে
আন্ধাৰৰ স’তে কৰি হাহাকাৰ
আন্ধাৰত কোন যায়
অলকাপুৰীৰ সপোন কাৰ বিননিত খহে
সোণালী পাখিৰে আহি সপোন পৰী
মোৰ সপোনত নামে
ফুল বুটলি ফুৰা হাত দুখনত যেন
ৰূপৰ তৰোৱাল জিলিকি উঠে !!