বৰ্তমান সমাজৰ ব্যৱস্থাত যুৱশক্তিৰ ভূমিকা  – আয়শা ছিদ্দিকা

বৰ্তমান সমাজৰ ব্যৱস্থাত যুৱশক্তিৰ ভূমিকা 

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা 

সমাজ হৈছে এক জীৱন্ত সংগঠন, য’ত প্ৰতি মুহূর্তে পৰিৱর্তন, বিকাশ আৰু সৃষ্টিৰ প্ৰবাহ চলি থাকে। এই প্ৰবাহক সঠিক দিশত নিয়ন্ত্ৰণ কৰাৰ মূল চালিকাই হৈছে যুৱশক্তি। আজিৰ বিশ্বত সমাজব্যৱস্থা বহুমুখী সমস্যাৰ সন্মুখীন নৈতিকতা হ্ৰাস, বিভাজননীতি, প্ৰযুক্তিগত অপব্যৱহাৰ, আৰু মানৱিক মূল্যবোধৰ অৱক্ষয় ইত্যাদি। এনে এক সংকটজনক পৰিস্থিতিত, যুৱসমাজৰ সচেতন অংশগ্ৰহণ সমাজক সুস্থ, শক্তিশালী আৰু ন্যায়ভিত্তিক গতি প্ৰদান কৰিবলৈ একান্ত প্ৰয়োজন সমাজ উন্নয়নৰ বাবে।

যুৱশক্তি হ’ল এক সম্ভাৱনাময় শক্তি। যুৱক-যুৱতীসকল হৈছে সমাজৰ সৰ্বাধিক আৰু দায়িত্বশীল এটা অংশ। তেওঁলোকৰ চিন্তা শক্তি, শাৰীৰিক-মানসিক সামৰ্থ্য, প্ৰযুক্তি-দক্ষতা, আৰু নতুনত্বৰ প্ৰতি আকৰ্ষণ আদি মূল হাতিয়াৰ সমাজ উন্নয়নৰ।

ইতিহাস গৱেষণা কৰিলেও পোৱা যায় জয়প্ৰাপ্ত সকলো সমাজ-আন্দোলন, সংস্কাৰ, আৰু বিপ্লৱৰ কেন্দ্ৰবিন্দু আছিল যুৱচিন্তাই প্ৰেৰণা দিয়া এক গোষ্ঠী। আজিও সেই প্ৰৱণতা অক্ষুণ্ণ আছে বুলি ক’লে বঢ়াই কোৱা নহ’ব।

এক শিক্ষিত যুৱশক্তি সমাজক যি ধৰণে নতুন দিশ দিব পাৰে অন্য কোনো গোষ্ঠীয়ে পাৰে নে ..?

শিক্ষাই মনৰ দুৱাৰ খুলে, সমাজ চিনাক্ত কৰাৰ ক্ষমতা দিয়ে, আৰু বিকল্প চিন্তা বিকাশ ঘটায়। আজিৰ যুৱ প্ৰজন্ম চিন্তাশীল, যুক্তিবাদী আৰু গ্লোবেল দৃষ্টিভংগীৰে সুসজ্জিত।যি সমাজৰ অভ্যন্তৰৰ সমস্যাসমূহক গভীৰভাৱে উপলব্ধি কৰি গঠনমূলক পদক্ষেপ ল’ব পাৰে।

 শিক্ষা কেৱল একাডেমিক চাৰ্টিফিকেটৰ মাজত সীমাবদ্ধ হৈ পৰিলে, সমাজৰ বাবে সংকট হ’ব পাৰে। সেয়েহে, যুৱসকলে নৈতিক মূল্যবোধ, সহানুভূতি, সহনশীলতা আৰু দায়িত্ববোধৰ সৈতে সমাজত আগবাঢ়িব লাগিব। উদাহৰণস্বৰূপে, বৃদ্ধ পিতৃ-মাতৃৰ সন্মান, মহিলা সুৰক্ষা, শিশুৰ অধিকাৰ, আৰু প্রকৃতি সংৰক্ষণৰ ক্ষেত্ৰত যুৱসকলৰ নেতৃত্ব অত্যন্ত প্ৰয়োজন।

সমাজৰ অন্যতম বৃহৎ সমস্যাসমূহৰ ভিতৰত এখন হৈছে যুৱসকলৰ ভিতৰত নেশা আৰু অপসংস্কৃতিৰ প্ৰৱেশ। ড্ৰাগছ, মোবাইল-নেশা, অশ্লীলতা, অহংবাদ ইত্যাদি যুৱসমাজক ভিতৰ-ভগতেই ক্ষয় কৰিব পৰা সংকট। এইক্ষেত্ৰত সচেতন যুৱসকলে সমাজৰ অন্য সদস্যসকলক জাগ্ৰত কৰি এক নতুন ধাৰা সৃষ্টি কৰিব পাৰে। “নিজে সঠিক পথত থকা আৰু আনক সঠিক পথত থকাৰ পৰামৰ্শ দিয়া।এই দৃষ্টিভংগী অতি প্ৰয়োজন।

বৰ্তমান অৰ্থাৎ একবিংশ শতিকাৰ যুৱসকল প্ৰযুক্তি আৰু বিজ্ঞানৰ সহায়ত সমাজত এক নতুন বিপ্লৱ অনাবিষ্ট কৰিছে ।Start-up সংস্কৃতি, innovation, social media activism, e-learning এই সকলো এক নতুন দিগন্ত উন্মোচন কৰে। অসমৰ পৰিপ্ৰেক্ষিততও, বহু যুৱক-যুৱতীয়ে স্থানীয় সম্পদ, লোক-সংস্কৃতি আৰু পৰম্পৰাক আঁকোৱালি লৈ আত্মনিৰ্ভৰশীল উদ্যোগ আৰম্ভ কৰিছে, যি সমাজৰ অৰ্থনৈতিক গঠনত সহায়ক হৈছে।

সমাজৰ চিৰস্থায়ী ভৱিষ্যৎ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজনীতি আৰু নীতি-নির্ধাৰণত যুৱসকলৰ সক্রিয় অংশগ্ৰহণ অনিবার্য। দুঃখৰ বিষয় এই যে, অধিকাংশ যুৱই ৰাজনীতিকেই লেতেৰা বুলি বিবেচনা কৰি আঁতৰি থাকে। কিন্তু পৰিবৰ্তন বিচাৰিলে, তাত সন্মিলিত যুৱ-অংশগ্ৰহণ লাগিব। দেশ-সমাজৰ প্ৰতি দায়িত্ব লৈ, উন্নয়নৰ দিশে স্বচ্ছ নেতৃত্ব আগবঢ়াব পাৰিব একমাত্ৰ যুৱ প্ৰজন্মই।

আজিৰ যুৱসকলে নিজৰ সামাজিক মাধ্যমৰ প্ৰভাৱ আৰু সময়ৰ সদ্ব্যৱহাৰ কৰি সমাজ সেৱাত আগবাঢ়িব পাৰে। পথশিশু শিক্ষা, ৰক্তদান, পৰিবেশ সংৰক্ষণ, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা, অনলাইন পাঠদান সঞ্চালন ইত্যাদি দৰেই যুৱসকলে সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলত শিক্ষাৰ অভাৱ, শিশুশ্ৰম, স্বাস্থ্যসেৱাৰ সংকট এই সকলো ক্ষেত্ৰত শিক্ষিত যুৱসকলে নিজৰ সময়, মেধা আৰু উদ্যোগেৰে সমাজলৈ প্ৰকৃত সেৱা আগবঢ়াব পাৰে।

অসমৰ বিশেষ পৰিপ্ৰেক্ষিতত, যুৱসকলৰ ওপৰত দায়িত্ব আৰু অধিক। আমাৰ ভাষা, সাহিত্য, সংস্কৃতি, আৰু জাতি-সত্তাৰ ৰক্ষা কৰিবলৈ এক সজাগ, উদ্যমী যুৱবৰ্গৰ প্ৰয়োজন। বহিঃপ্ৰবাহ, অপসংস্কৃতি, তথা পৰিচয়-সঙ্কটৰ সময়ত, যদি যুৱসকলে আগভাগ লয়, তেনেহ’লে অসমীয়া জাতিৰ প্ৰতিচ্ছবি চিৰসেউজ হৈ থাকিব।

সঁচাকৈয়ে, যুৱসমাজ কোনো সমাজ ব্যৱস্থাৰ কুঁহিপাঠৰ দৰে তেওঁলোকে কিমান পুষ্ট, কিমান সজাগ, কিমান দায়িত্বশীল, সেয়েই সমাজখনৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰে। যুৱসকল যদি দিশভ্ৰষ্ট হয়, সমাজ অন্ধকাৰৰ  দিশে গতি কৰে। কিন্তু যদি সৎ দিশত আগবাঢ়ে সমাজক আলোকেৰে ভৰপূৰ আন এক নতুন যুগলৈ লৈ যায়।

সেয়েহে, আজি প্ৰয়োজন নেতৃত্বদানক্ষম, নৈতিক, চিন্তাশীল, আৰু কৰ্মঠ যুৱপ্ৰজন্মৰ যিয়ে কেৱল নিজৰ বাবে নহয়, সমগ্ৰ সমাজৰ বাবে জীৱন উৎসৰ্গা কৰিব বিচাৰে। সেইপিনে আগবাঢ়িলেই সম্ভৱ সামাজিক ন্যায়, সমতা, আৰু উন্নয়নৰে গঢ়া এক সুস্থ সমাজ।