বৰ্তমান সময়ত বিজেপি দলেই শ্ৰেষ্ঠ
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক চতুৰ্থ ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে সেইমতে কাম কৰে। ৰাষ্টা-ঘাট, শিক্ষা-দিক্ষা, মঠ-মন্দিৰ আদি সকলো ক্ষেত্ৰতে উক্ত চৰকাৰৰ যথেষ্ট অৱদান আছে। যি গেৰান্টি দিয়ে, আখৰে আখৰে পালন কৰি আহিছে। এতিয়া নিৰ্বাচনৰ বতৰত বিৰোধী পাৰ্টি বা কংগ্ৰেছে কিছুমান মিছা প্ৰতিশ্ৰুতি দিয়াৰ দৃষ্টিগোচৰ হৈছে। ৭০ বছৰ ৰাইজক অৱহেলা কৰা কংগ্ৰেছ দলক সজাগ জনতাই ভালকৈ বুজি পাই যে তেওঁলোকে সমাজৰ হৈ একো ভাল কাম কৰিব নোৱাৰে। কেৱল বিজেপিৰ বদনাম কৰি ফুৰে।
