বৰ্তমান সময়ত আমাৰ সমাজত নাৰী কিমান সুৰক্ষিত – প্ৰাণজিৎ মজুমদাৰ

বৰ্তমান সময়ত আমাৰ সমাজত নাৰী কিমান সুৰক্ষিত

প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও

বৰ্তমান সময়ত অসমৰ লগতে সমগ্র বিশ্বতে বিয়পি পৰা এক জঘন্য ঘটনা হৈছে ধষর্ণ। প্ৰতিদিনে এনেকুৱা জঘন্য ঘটনাৰ বলি হৈছে শ শ ছোৱালী বোৱাৰী। হাজাৰ হাজাৰ ছোৱালী বোৱাৰী মৃত্যু মুখত পৰিছে এনেকুৱা জঘন্য ঘটনাৰ ফলত। বাতৰি খোলাৰ লগে লগে এইবোৰ ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰা পৰিলক্ষিত হয়। আমি যদি ভালদৰে লক্ষ্য কৰি চাও প্ৰতিদিনে ছোৱালী বোৱাৰী ধষর্ণ, অপহৰণ, হত্যা, নিৰ্যাতন, আদি ঘটনা আমি পৰিলক্ষিত কৰোঁ। এইবোৰ ঘটনাৰ ভয়ত ছোৱালী বোৱাৰী এতিয়া বাহিৰত ওলাবলৈ ও এশ বাৰ ভাবিবলৈ বাধ্য হয়। কাৰণ সদায় এনেকুৱা জঘন্য ঘটনা হৈ থকাৰ ফলত ছোৱালী বোৱাৰী সকলৰ মনত এটা ভয় সুমাই গৈছে,কিজানি তেওঁলোকৰ লগত ও তেনেকুৱা জঘন্য ঘটনা সংঘটিত হয়। এতিয়া প্ৰশ্ন হয় যে- কেতিয়া এনেকুৱা জঘন্য ঘটনাৰ পৰা মুক্ত হব নাৰী সমাজ। কেতিয়াৰ পৰা তেওঁলোকে স্বাধীনভাবে থাকিব পাৰিব। এনেকুৱা জঘন্য ঘটনা ৰোধ কৰাৰ কাৰণে যদি প্ৰশাসনে বা চৰকাৰে কোনো ব্যবস্থা গ্রহণ নকৰে তেতিয়া হলে এনেকুৱা জঘন্য ঘটনা সদায় ঘটি থাকিব। এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰা সকলোক যদি চৰকাৰে বা প্ৰশাসনে অতি ভয়ংকৰ শাস্তি প্ৰদান কৰে তেতিয়া হলে এনেকুৱা জঘন্য ঘটনা কিছু পৰিমাণে হ্রাস পাব। এনেকুৱা অপৰাধীসকলোক অতি ভয়ংকৰ শাস্তি প্ৰদান কৰা উচিত যাতে পৰৱৰ্তী সময়ত এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰিবলৈ কোনেও সাহস নকৰে। সেয়েহে- এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কঠোৰতকৈ কঠোৰ ব্যবস্থা গ্রহণ কৰিব লাগে আৰু নাৰী সমাজক এটা সুন্দৰ জীৱন যাপন কৰাত সহায় কৰিব লাগে।