বৰ্তমান যুৱ প্ৰজন্মই গ্ৰন্থ বা আলোচনীৰ বিষয়ে পঢ়িবলৈ আগ্ৰহী নে  – লখিমী শৰ্মা

Pc The Jakarta Post
 বৰ্তমান যুৱ প্ৰজন্মই গ্ৰন্থ বা আলোচনীৰ বিষয়ে পঢ়িবলৈ আগ্ৰহী নে 
লখিমী শৰ্মা
 যোৰহাট
আজিৰ যুৱ প্ৰজন্মৰ বিশেষকৈ কিশোৰ – কিশোৰী সকলৰ অধিকাংশই নিজৰ পাঠ্যক্ৰমৰ কিতাপ কেইখনক বাদ দি অন্য কিতাপ, আলোচনীৰ কাষ নাচাপে , বা আগ্ৰহী নহয় । বাহিৰা কিতাপ আলোচনী অধ্যয়নে বিভিন্নধৰণৰ নজনা শব্দ বা বহুতো নজনা কথা জনাৰ উপৰিও যোগাত্মক চিন্তাধাৰাৰ প্ৰতি অগ্ৰসৰ হোৱাৰ দিশে আগুৱাই যাবলৈ প্ৰেৰণা যোগায় , আৰু লগতে কিতাপ পত্ৰ অধ্যয়নৰ ফলত মানৱ জীৱনৰ দৈনন্দিন কাৰ্যকলাপৰ মাজত ই এক মানসিকভাৱে এক অৱসাদ জন্মায় । বৰ্তমান সময়ত যুৱ প্ৰজন্ম সকলে গ্ৰন্থ বা আলোচনীৰ বিষয়ে পঢ়িবলৈ আগ্ৰহী নহয় । কিয়নো ম’বাইলত সকলো বোৰ উপলব্ধ হোৱা হেতুকে বৰ্তমান সময়ত কিতাপ – পত্ৰ পঢ়াৰ প্ৰতি ধাউতি নোহোৱা হ’ব ধৰিছে দিনক – দিনে । কিছু কিছুয়ে পঢ়ে কিন্তু সকলোৱে কিতাপ – পত্ৰৰ প্ৰতি বৰ বেছিকৈ আগ্ৰহী নহয় আজিৰ দিনত । অসমীয়া ভাষা সাহিত্যক জিলিকাই ৰাখিব হ’লে , গ্ৰন্থ আলোচনী বোৰ পঢ়া কৰিলেহে  বহুতো নজনা কথা জানিব পাৰি , বহুত অভিজ্ঞতা অৰ্জন কৰিব পাৰি ।