বৰ্তমান অস্থিৰ সমাজত প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তা আছে – অনামিকা (সংগীতা)কলিতা

 বৰ্তমান অস্থিৰ সমাজত প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তা আছে 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

প্ৰাৰ্থনা বুলি ক’লে আধ্যাত্মিক ভাব এটা মনলৈ আহে।

প্ৰাৰ্থনা প্ৰয়োজনীয়তা আছে আৰু থাকিব। ঐতিহাসিক যুগৰ পৰাই ঋষি মুনি সকলে তপস্যা যোগেদি  নিজৰ মনত ভক্তিমাৰ্গ  বিচাৰি লৈছিল।   সমাজৰ মঙ্গল চিন্তা কৰিছিল । প্ৰাৰ্থনাৰ বলত তেওঁ লোকে মানুহৰ ৰোগ আদি নিৰাময় কৰিবৰ চেষ্টা কৰিছিল। প্ৰায় খিনি সফলতা লাভ কৰিছিল। গতিকে প্ৰাৰ্থনাত যথেষ্ট শক্তি আছে ।বৰ্তমান যান্ত্ৰিকতাৰ জীৱনত মানুহৰ মনবোৰ অশান্ত হৈ থাকে , প্ৰায় ভাগ মানুহে কম বেছি পৰিমাণে মানসিক চাপতে থাকে ।প্ৰাৰ্থনাৰ দ্বাৰা মনৰ অশান্তিৰ ভাৱ নাইকিয়া কৰিব পাৰি ।তাৰ কাৰণে নিজক একাত্ম ভাৱে প্ৰভুক স্মৰণ কৰিব লাগিব। গতিকে প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তা আছে ।

শিশুসকলকো অভভাৱক সকলে সন্ধিয়া প্ৰাৰ্থনা কৰি নিজৰ পাঠ্যপুথি পঢ়িবলৈ শিকাব লাগে।তেতিয়া মনবোৰ সিহঁতৰ শান্ত হৈ থাকিব, একনিষ্ঠা ভাবে পঢ়িব পাৰিব ।মনত পৰে আমি সৰু থাকোতে, আইতা হতে প্ৰাৰ্থনা কৰিহে পাঠ্যপুথি পঢ়িব দিছিল ।সেই কাৰণে হয়তো  সেই সময়ত শিশু সকলৰ মাজত নিয়মানুবৰ্তীতা,একনিষ্ঠা,আত্মবিশ্বাসৰ ভাৱ প্ৰবল আছিল।

কিন্তু  বৰ্তমান নৱপ্ৰজন্ম,যুৱপ্ৰজন্মৰ মাজত  সঘনে দেখা পাওঁ  হতাশা আৰু অস্থিৰতা আৰু  নিজৰ জীৱন পৰ্যন্ত পৰিসমাপ্তি  কৰিব’লৈ চেষ্টা কৰা বা  হোৱা । গতিকে সিহঁতক প্ৰাৰ্থনা কৰাৰ অভ্যাস সৰুৰে পৰা গঢ় দিব লাগিব। তেতিয়াহে সমাজখন সুন্দৰ হৈ উঠিব কাৰণ আজিৰ শিশু  কাইলৈ দেশৰ নাগৰিক হ’ব!।

মই নিজে গৃহিণী আৰু বিশেষ ভাৱে সক্ষম সন্তান এটিৰ মাতৃ। ৰাতিপুৱা সদায়  মই গাটো তিয়াই লৈয়ে থাপনাত চাকি গছি জ্বলাই প্ৰভু চৰণত প্ৰাৰ্থনা কৰি সেৱা এটি লওঁ ,দিনটোৰ কাৰণে আৰম্ভণি হয় ।মন প্ৰাণ পুলকিত হৈ উঠে ঋণাত্মক ভাৱ মনলৈ নাহে ।
এয়া হৃদয়ৰ অনুভৱ।