বৰ্তমান অসমত ৰাজতন্ত্ৰ চলিছেঃ গৌৰৱ গগৈ

বৰ্তমান অসমত ৰাজতন্ত্ৰ চলিছেঃ গৌৰৱ গগৈ
কংগ্ৰেছৰ ইস্তাহাৰত ৰাইজৰ আশা-আকাংক্ষা প্ৰতিফলিত হ’বঃ প্ৰদ্যুৎ বৰদলৈ
ডিব্ৰুগড়ত ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীৰ আৰম্ভণি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইস্তাহাৰ কমিটি আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছৰ উদ্যোগত ডিব্ৰুগড়ত “ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ” শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। বৰ্তমান অসমত ‘ৰাজতন্ত্ৰ’ চলিছে আৰু এই ৰাজতন্ত্ৰৰ পৰা ৰাইজে যাতে পৰিত্ৰাণ পাব পাৰে তাৰ বাবে কংগ্ৰেছ দলে ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ৰ জৰিয়তে এখন নতুন অসম গঢ়াৰ প্ৰচেষ্টা আৰম্ভ কৰিছে বুলি সংবাদমেলত সদৰী কৰে গৌৰৱ গগৈয়ে। তেওঁ আৰু কয়, “বৰ্তমান অসমত ৰাজতন্ত্ৰ চলিছে। দিশপুৰত এজন ৰজা আছে যাৰ ইচ্ছামতে সকলো কাম হয়। আমি ৰজাৰ দৰে নহয়, ৰাইজৰ সেৱক হৈ থাকিব বিচাৰো। সেয়েহে ৰাইজৰ পৰা দিহা-পৰামৰ্শ লোৱাটো আমাৰ পৰম্পৰা।” তেওঁ কয় যে কংগ্ৰেছ দল সাংগঠনিকভাৱে সবল হৈ আহিছে আৰু এতিয়া ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ক মূলমন্ত্ৰ হিচাপে লৈ ৰাইজৰ কাষলৈ যোৱা হ’ব। অসমৰ থলুৱা মানুহৰ জ্ঞান, প্ৰতিভা আৰু অভিজ্ঞতাৰে এখন নতুন অসমৰ নক্সা তৈয়াৰ কৰিব বিচাৰে বুলিও গগৈয়ে সদৰী কৰে। উল্লেখ্য যে, এই অভিযানৰ অংশ হিচাপে যোৱা ৩০ নৱেম্বৰত প্ৰদেশ কংগ্ৰেছৰ মেডিকেল কোষে বিভিন্ন বাগিচা অঞ্চলত স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল। উক্ত শিবিৰৰ সফলতাৰ অন্তত আজি ডিব্ৰুগড়ত সামাজিক সংগঠন আৰু গণ্য-মান্য নাগৰিকসকলৰ সৈতে কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই মতবিনিময় কৰে। গগৈয়ে জনায় যে ডিচেম্বৰ মাহৰ শেষৰফালে দলৰ জ্যেষ্ঠ নেতাসকল পাঁচটা দলত ভাগ হৈ অসমৰ চুকে-কোণে উজনি-নামনি, পাহাৰীয়া জিলা আৰু বৰাক উপত্যকা ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালত নেতাসকলে খেতিয়ক-শ্ৰমিক, সৰু দোকানী, উদ্যোগী, ছাত্ৰ-ছাত্ৰী, মহিলা, শিক্ষক আদি সকলো শ্ৰেণীৰ ৰাইজৰ মনৰ কথা শুনিব। বিৰোধী দলসমূহৰ সৈতে হোৱা আলোচনাৰ বিষয়ে উল্লেখ কৰি গগৈয়ে কয় যে কেৱল চৰকাৰৰ সমালোচনাই নহয়, ভৱিষ্যতৰ অসমৰ বাবে এক উমৈহতীয়া পৰিকল্পনা থকাটোও প্ৰয়োজনীয়। সেয়েহে ডিচেম্বৰ মাহত প্ৰতিটো বিৰোধী দলে নিজ নিজ ধৰণে ৰাইজৰ ওচৰলৈ গৈ দিহা-পৰামৰ্শ সংগ্ৰহ কৰিব আৰু জানুৱাৰী মাহত একত্ৰিতভাৱে এখন সন্মিলন অনুষ্ঠিত কৰি নতুন অসমৰ দৃষ্টিভংগী ৰাইজৰ ওচৰত দাঙি ধৰিব বুলিও গগৈয়ে জানিবলৈ দিয়ে। “আমি আশাবাদী যে ৰাইজৰ সহযোগত এখন বিভাজনমুখী অসমৰ পৰিৱৰ্তে এখন নতুন বৰ অসম গঢ় দিব পাৰিম,”- গগৈয়ে আশা প্ৰকাশ কৰে। আনহাতে, ইস্তাহাৰ সমিতিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে এই উদ্যোগৰ লক্ষ্য হৈছে অসমৰ প্ৰতিটো সম্প্ৰদায়ৰ প্ৰয়োজন আৰু আকাংক্ষাৰ ওপৰত ভিত্তি কৰি ৰোডমেপ তৈয়াৰ কৰা। তেওঁ কয়, “আমাৰ লক্ষ্য হ’ল ৰাজ্যৰ প্ৰতিটো সম্প্ৰদায়ৰ বিশ্বাস অৰ্জন কৰা। এই অভিযান কেৱল নিৰ্বাচনৰ বাবেই নহয়, ই ভৱিষ্যতৰ বাবে। আমি বিচাৰো যে আমাৰ ইস্তাহাৰত প্ৰকৃতাৰ্থত ৰাইজৰ আশা-আকাংক্ষা প্ৰতিফলিত হওক।” বৰদলৈয়ে আৰু কয় যে ৰাজ্যৰ সকলো অঞ্চলৰ কংগ্ৰেছ কৰ্মীসকলে সমাজৰ সকলো স্তৰৰ লোকেৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকৰ মতামত সংগ্ৰহ কৰিব, যাতে ৰাইজৰ আশা-আকাংক্ষা, সমস্যা আৰু আগবাঢ়ি যোৱাৰ পথ স্পষ্ট কৰি এখন ‘জন-ইস্তাহাৰ’ গঢ় দিবলৈ চেষ্টা চলাব। ইয়াৰ ভিতৰত কৰ্মচাৰীৰ উন্নত বেতন, যুৱক-যুৱতীৰ বাবে নতুন নিয়াৰিৰ সুযোগ বা দৈনন্দিন জীৱনৰ সামগ্ৰিক উন্নয়ন আদি সকলো দিশই অন্তৰ্ভুক্ত হ’ব। “সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল, আমি অসমৰ ৰাইজৰ কথা শুনিব বিচাৰো আৰু বুজিব বিচাৰো,”- বৰদলৈয়ে কয়। আজিৰ অনুষ্ঠানটোত প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ উপ-সভাপতি প্ৰণতি ফুকন, ৰাজনৈতিক উপদেষ্টা সমিতিৰ সদস্য তথা প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পবন সিং ঘাটোৱাৰ আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভাকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসমৰ কেবাটাও আগশাৰীৰ দল-সংগঠনেও অংশগ্ৰহণ কৰে। এই দল-সংগঠনসমূহৰ অন্যতম হৈছে অসম চাহ কৰ্মচাৰী পৰিষদ, ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি, লায়ন্স ক্লাব ডিব্ৰুগড়, অল আচাম স্মল টি গ্ৰ’ৱাৰ্ছ এছ’চিয়েচন, কোচ ৰাজবংশী সম্মিলন, অসম ভকত সংঘ, ডিব্ৰুগড় বাৰ এছ’চিয়েচন, টাই আহোম যুৱ পৰিষদ, সদৌ অসম সোণোৱাল কছাৰী সমাজ, আহোম সভা ডিব্ৰুগড়, মটক যুৱ সত্ৰ সন্মিলন, সদৌ অসম কৈৱৰ্ত যুৱ সত্ৰ সন্মিলন আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থা৷