বৰ্তমানেওঁ ভাল মানুহক লগ কৰিবলৈ মানুহে বাৰে বাৰে বাহানা বনাই ফুৰে
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
আমাৰ হিন্দু ধৰ্মগ্ৰন্থ পুৰাণত বৰ্ণিত সময়ৰ অনুসৰি কলিযুগ ৪ লাখৰ পৰা ৪ লাখ ৩২ হাজাৰ বছৰৰ ভিতৰত চলিব বুলি অনুমান কৰা হৈছে। সেয়েহে আমাৰ এই কলিযুগৰ সময়চোৱাত লাহে লাহে কৰি ধৰ্মৰ হানি হৈ গৈ থাকিব আৰু মানুহৰ অন্তৰৰ পৰা মানবীয়তাবোধ একেবাৰে নাইকিয়া হৈ পৰিব,বিশ্বৰ চৌদিশে কেৱল পাপ, হত্যা, হিংসা,কাম, ক্ৰোধ,লোভ, মোহৰ আদি সকলোবোৰ বেয়া বেয়া দিশবোৰ একেবাৰে শিখৰত অতিক্ৰম কৰি সৃষ্টিকৰ্তাৰ সৃষ্টিৰ প্ৰতি যেতিয়াই ভাবুকিৰ সৃষ্টি হ’বলৈ ধৰিব, ঠিক তেতিয়াই ভগৱান বিষ্ণুৰ দশম তথা অন্তিম অৱতাৰ কল্কি ৰূপত অবতৰিত হৈ পুনৰ চক্ৰত সত্যযুগৰ সূচনা কৰিব বুলি আমাৰ ধৰ্মগ্ৰন্থবোৰত উল্লেখিত আছে। এতিয়া কথা হ’ল আমি বৰ্তমানে কলিযুগৰ পাৰাম্ভিক সময়চোৱাতে গতি কৰি আছোঁ বুলি ক’ব পাৰি। সেয়েহে বৰ্তমান সময়ত মানুহৰ অন্তৰত মানবীয়তাবোধ এতিয়াওঁ বহুখিনি বাকী থকা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলস্বৰূপে বৰ্তমান সময়তো আমাৰ সংসাৰখন বহু ধুনীয়া হৈয়ে আছে নহয়নে? অৰ্থাৎ বৰ্তমান সময়তো প্ৰায় প্ৰত্যেকজন মানুহে ভাল আৰু বেয়া দিশবোৰৰ মাজত থকা অন্তৰবোৰ নিৰূপণ কৰিবলৈ স্বয়ংভাবে সক্ষম হৈয়ে আছে।
এতিয়া কথা হ’ল বৰ্তমান সময়ত লাহে লাহে কৰি বেয়া মানুহৰ সংখ্যাবোৰ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তথাপিও বৰ্তমান সময়তো আপুনি এজন সৎ চৰিত্ৰৰ, ভদ্ৰলোক বা ভাল মানুহৰ শাৰীত পৰে তেন্তে আপুনি নিজে অনুভৱ কৰিবলৈ সক্ষম হ’ব যে,বৰ্তমানেওঁ ভাল মানুহক লগ কৰিবলৈ মানুহে বাৰে বাৰে বাহানা বনাই ফুৰে। কাৰণ বৰ্তমানে বেয়া কাৰ্য্য বা বেয়া দিশবোৰে ভাল ভাল দিশবোৰৰ তুলনামূলকভাৱে মানুহৰ মাজত সমাদৰ বেছিকৈ পোৱা পৰিলক্ষিত হোৱাৰ পিছতো ভাল মানুহৰ আৰু ভাল ভাল দিশবোৰৰ এক সুকীয়া স্থান নিৰূপণ কৰা পৰিলক্ষিত হয়। কিয়নো সত্য, শুদ্ধ বা ভাল দিশবোৰক অশুদ্ধ, অন্ধকাৰ বা বেয়া দিশবোৰৰ জৰিয়ত কেতিয়াও ঢাকি থোৱা সম্ভৱপৰে নহয়। গতিকে আপুনি এজন সৎ, শুদ্ধ, ভদ্ৰলোকৰ শাৰীত পৰে তেন্তে নানান ধৰনৰ বাহানাৰ জৰিয়তে অন্যান্য মানুহবোৰে আপোনাৰ সংস্পৰ্শলৈ আহিব বিচাৰে, আপোনাৰ লগত কথা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰে, আপোনাৰ লগত কিছুপৰ সময় অতিবাহিত কৰিব বিচাৰে । কিয়নো শুদ্ধতা বা ভদ্ৰতাৰ এক সুকীয়া স্থান থাকে। গতিকে এক মিচলিয়া, অশুদ্ধ,পাপী ব্যক্তি এজনেওঁ শুদ্ধ,ভদ্ৰ বা ভাল মানুহৰ সংস্পৰ্শলৈ আহি কিছু সময়ৰ বাবে হ’লেও আত্মশান্তি লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কেতিয়াবা আপোনালোকে নিজে একান্ততে বহি একেবাৰে গহীনভাবে চিন্তা কৰি চাবচোন যে,বৰ্তমানেওঁ ভাল মানুহক লগ কৰিবলৈ মানুহে বাৰে বাৰে বাহানা বনাই ফুৰে। কাৰণ প্ৰতিজন সুস্থ সবল মানুহে বিভিন্ন কাৰণ বসত বেয়া দিশত সোমাই পৰিলগিয়া হোৱাৰ পিছতো মানুহৰ বাস্তৱিক স্বভাৱবোৰে সদায় সত্যৰ দিশত আগুৱাই যাবলৈ ইচ্ছা প্ৰকাশ কৰে। অৰ্থাৎ প্ৰকৃত অৰ্থত কবলৈ গ’লে মানুহৰ অন্তৰত উজ্জীৱিত হৈ পৰা স্বতফূত প্ৰবণতায়ে হ’ল সত্য আৰু শুদ্ধ। সেয়েহে সত্য, শুদ্ধৰ দিশত মানুহৰ প্ৰকাশিত বা অপ্ৰকাশিত ৰূপত আকৰ্ষিত হৈ পৰাৰ সম্ভাৱনা যথেষ্ঠ বেছি।