বৰ্ণ- বৈষম্য  – সংগীতা বৰুৱা

Pc Unsplash
বৰ্ণ- বৈষম্য  
মোৰ বুকুত ক্ৰমান্বয়ে ওখ হৈ উঠে দেৱালখন ।
তুমি ৰ’দ চুব খোজা
বৰষুণ হৈ বাগৰি আহে বাৰিষা
তোমাৰ বাৰীৰ আগফালে তুমি
খুউব আশাৰে লগোৱা
ডালিয়া নাৰ্জী খৰিকাজাই
লতা এডাল বগাই আহি সোমাইহি
মোৰ ৰ’দেপোৰা আগচোতাল
আহি মোক সোধে  :
” দেৱালখন গাঁথোতে
গছজোপা ৰুঁওতে শিপাডাল তুমি
 ক’ত পোতিলা ? “
সংগীতা বৰুৱা।
গুৱাহাটী