বৰ্ণিল শোভাযাত্ৰাৰে বড়ো সংস্কৃতিময় হৈ পৰিল দিল্লীৰ ৰাজপথ
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ ৰাজপথত নৃত্য-গীতেৰে পাঁচ সহস্রাধিক বড়ো জনগোষ্ঠীয় লোকে উলিওৱা বর্ণিল সাংস্কৃতিক শোভাযাত্রাই দিল্লীবাসীক অভিভূত কৰি তোলে। বড়োলেও মহোৎসৱৰ দ্বিতীয় দিনা পুৱাৰ ভাগত উলিওৱা শোভাযাত্ৰাৰ পূৰ্বে মহোৎসৱৰ অন্যতম আয়োজক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়। বিয়লিভাগত নতুন শিক্ষানীতিত শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ সুযোগ আৰু প্ৰত্যাহ্বানক লৈ অনুষ্ঠিত এখন আলোচনা-চক্রত কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে বড়ো জাতি তথা ভাষাৰ স্বকীয় ঐতিহ্যৰ ভূয়সী প্রশংসা কৰি নতুন শিক্ষানীতিৰ জৰিয়তে বড়ো ভাষাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। অনুষ্ঠানটোত বড়োলেণ্ডৰ মুৰব্বী প্রমোদ বড়ো তথা ৰাজ্যৰ শিক্ষামন্ত্রী ৰণোজ পেগুয়ে বিশেষ অতিথি হিচাপে অংশগ্রহণ কৰে। আলোচনা-চক্রত উল্লেখযোগ্য অতিথি হিচাপে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যই আলোচ্য বিষয়ত ভাষণ দিয়ে। সন্ধিয়া পর্যটন আৰু সংস্কৃতিৰ জৰিয়তে এক স্পন্দনশীল বড়োলেও গঢ়ি তোলাৰ বিষয় সন্নিৱিষ্ট কৰি আন এখন আলোচনা-চক্ৰৰ আয়োজন কৰা হয়। উক্ত আলোচনা-চক্রত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্রীয় বিদেশ পৰিক্ৰমা মন্ত্রালয়ৰ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আদিয়ে অংশগ্ৰহণ কৰি বিকশিত বড়োলেও গঢ়ি তোলাৰ ক্ষেত্রত বড়ো জাতিৰ সংস্কৃতিয়ে যোগান ধৰিব পৰা অৰিহণাৰ বিষয়ে সবিশেষ দাঙি ধৰে। লগতে অঞ্চলটোৰ পৰ্যটন খণ্ডত নিহিত হৈ থকা সম্ভাৱনাৰ বিষয়টোও বক্তাসকলে আলোকপাত কৰে। ইয়াৰ পিছত বড়োলেও মহোৎসব উপলক্ষে এক বিশাল সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। সাংস্কৃতিক সন্ধিয়াত কেৱল বড়োৰে নহয়, বড়োলেণ্ডত বসবাসকাৰী সকলো ভাষা তথা জনগোষ্ঠীয় সংস্কৃতিকো দাঙি ধৰা হয়। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে। বিশেষ অতিথি হিচাপে উপস্থিত থাকে বিখ্যাত ধ্রুপদী নৃত্যশিল্পী ছোনাল মানসিঙে। বড়োলেণ্ড মহোৎসৱৰ সামৰণি পৰে শিল্পী পাপনৰ কেইবাটাও সুমধুৰ গীতেৰে। লক্ষণীয়ভাবে নতুন দিল্লীৰ ছাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভা, দুলাৰাই বড়ো হাৰিমু আফাদ আৰু গান্ধী হিন্দুস্থানী সাহিত্য সভাৰ সম্মিলিত উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা দুদিনীয়া মহোৎসৱত বড়ো কলা-সংস্কৃতিৰ সৈতে বড়ো খাদ্যসম্ভাবো দর্শনার্থীসকলক পৰিৱেশন কৰা হয়।