বৰ্ণিল ফল্গুৎসৱ
নিতিষ্মান দাস, অষ্টম শ্ৰেণী
ফাগুনৰ বুকুত আহিল বৰ্ণিল ফল্গুৎসৱ,
দেখিছোঁ আগন্তুক দিনৰ সপোন অভিনৱ।
দেখিছোঁ চাৰিওফালে ৰঙীন পৰিৱেশ,
চাৰিওফালে যেন আনন্দৰ প্ৰৱেশ।
সকলোৰে মন হৈছে আনন্দিত,
নানা ৰঙে প্ৰাণ কৰিলে পুলকিত।
আকাশত দেখিছোঁ ৰঙীন সপোন,
ৰঙে গঢ়িলে একতাৰ বান্ধোন।
ৰং সানে সকলোৱে হৰ্ষৰ বাবে,
এজনে সিজনক যেন ৰঙীন কৰে।
গীত গাই উলাহেৰে লোক আত্মহাৰা,
জিলিকিলে সকলো, যেন আকাশী তৰা।
বৃন্দাবনৰ পৰা এই ৰঙীন উৎসৱ বিয়পিল,
চৌদিশৰঙীন ৰঙেৰে উজ্জ্বলি পৰিল।
হিন্দু শাস্ত্ৰতো আছেবহুটো কথা,
ফল্গুৎসৱ বাৰু আহিল ক’ৰ পৰা?
হলিকাৰযিদিনা হেনো হৈছিল দহন,
সেই দিনকে হ’লি ৰূপে কৰোঁ পালন।
আমি সকলোৱে জানো, সত্যৰ সদায়ে জয়,
এইটো কথাত কোনো নাই সংশয়।
ফল্গুৎসৱবুলিও যাকে তাকে ৰং নাসানিবা,
যাব পাৰে জৰুৰী কামত এইটো ভাবি চাবা।
মইনাহঁতে আনন্দতে মাৰে পিছকাৰী,
চৌদিশ যেন মইনাহঁতে দিয়ে ৰঙীন কৰি।
শুদ্ধ ৰঙে ফল্গুৎসৱ পালন কৰিবা,
অশুদ্ধ ৰং হানিকাৰক, ছালৰ বাবে বেয়া।
ঈশ্বৰে যাতে সকলোকে ৰাখে কুশলে,
জগতখনিক যাতে আৰু, ৰঙীন কৰি তোলে।