বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ দহদিনীয়া অসম গ্ৰন্থমেলা, শিলচৰ
ডিজিটেল মাধ্যম কিতাপৰ বিকল্প হ’ব নোৱাৰেঃ ডাঃ ৰণোজ পেগু
গ্ৰন্থ অধ্যয়নে চৰিত্ৰ গঠন আৰু মানৱীয় মূল্যবোধৰ উৎকৰ্ষ সাধনত সহায় কৰেঃ ড° পাৰ্থ চট্টোপাধ্যায়
গ্ৰন্থ সংস্কৃতিৰ বিকাশ হ’লেহে এটা সমৃদ্ধ জতি গঢ়ি উঠিব পাৰেঃ ড° নিৰঞ্জন ৰায়
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা আজিৰে পৰা আৰম্ভ হৈছে শিলচৰত ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউণ্ডত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা আজি বিয়লি উদ্বোধন কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ উদ্বোধনী ভাষণত তেওঁ কয় যে গ্ৰন্থ আন্দোলনৰ মূল বিষয় হৈছে শিক্ষা দান কৰা, শিক্ষা লাভ কৰা আৰু ইয়াৰ বাবে জ্ঞান আৰু শুদ্ধ তথ্য আধাৰিত পৰিৱেশ গঢ়ি তোলা ৷ আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এনে এটা বৌদ্ধিক আস্থাৰ পৰিকাঠামো নিৰ্মাণ কৰিব লাগিব ৷ যিসকলে পঢ়িব নোৱাৰে তেওঁলোকে যাতে শ্ৰৱণৰ মাজেৰে শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে শুনোৱাৰ ব্যৱস্থাও কৰিব লাগিব ৷ তেওঁ লগতে কয়,“ মানুহে গল্প-উপন্যাস পঢ়ি অনাবিল আনন্দ লাভ কৰে ৷ কাৰণ পঠনৰ জৰিয়ত মনৰ হতাশা, বোজা দূৰ হয় আৰু প্ৰশান্তি লাভ কৰে ৷ কিতাপে মানসিক ভাৰসাম্য সন্তুলিত কৰি ৰাখে ৷ সেয়ে কিতাপ হৈছে মানুহৰ প্ৰকৃত সুহৃদ ৷ এই কথা আমি সকলোৱে অনুধাৱন কৰা দৰকাৰ যে ডিজিটেল মাধ্যম কেতিয়াও কিতাপৰ বিকল্প হ’ব নোৱাৰে ৷ সভাখনত সন্মানীয় অতিথিপৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক- সাংবাদিক, কলকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° পাৰ্থ চট্টোপাধ্যায়ে ৷ তেওঁ ভাষণত কয় যে ৰাজ্য এখনৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ উদ্যোগত গ্ৰন্থমেলা আয়োজন কৰাটো সমাজৰ বাবে শুভবাৰ্তা ৷ এই শুভচিন্তা আৰু সুন্দৰ পৰিকল্পনাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগু ধন্যবাদৰ পাত্ৰ ৷ তেওঁ লগতে কয়——“ অধ্যয়ন আৰু জ্ঞানৰ অনুশীলন অবিহনে সাফল্য অৰ্জন কৰাটো অসম্ভৱ ৷ মোৰ দীঘলীয়া সাংবাদিক জীৱন আৰু অধ্যাপনা কৰা অভিজ্ঞতাই এই কথা শিকাইছে ৷ জ্ঞান অন্বেষণৰ তাড়না দৰাচলতে আত্মাত সৃষ্টি হোৱা এক আলোড়ন ৷ গ্ৰন্থই এই তাড়নাক শুদ্ধ পথ দেখুৱাই মানুহক প্ৰশান্তি প্ৰদান কৰে ৷ সম্প্ৰতি মানুহ তথ্যৰ বোজাত ভাৰাক্ৰান্ত হৈছে ৷ জ্ঞান আহৰণৰ বাবে আমি সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিব লাগিব ৷ ইয়াৰ বাবে অধ্যয়নৰ বিকল্প নাই ৷ গ্ৰন্থ অধ্যয়নে চৰিত্ৰ গঠন আৰু মানৱীয় মূল্যবোধৰ উৎকৰ্ষ সাধনত সহায় কৰে ৷ সেয়ে সকলোৱে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা উচিত ৷” ভাষণ প্ৰসংগত তেওঁ কয় যে কোনেও প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰা উচিত নহয় ৷ কাৰণ এয়া অপৰাধ ৷ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰঞ্জন ৰায়ে ভাষণত কয়——“ গ্ৰন্থ হৈছে জ্ঞান আহৰণৰ মূল আধাৰ ৷ জ্ঞানেই মানুহৰ বিবেকক পৰিচালনা কৰি মাৰ্গ দৰ্শন কৰায় ৷ এখন চিন্তাশীল, সুস্থিৰ সমাজ গঠনত গ্ৰন্থমেলাৰ প্ৰভাৱ অপৰিসীম ৷ গ্ৰন্থ সংস্কৃতিৰ বিকাশ হ’লেহে এটা সমৃদ্ধ জতি গঢ়ি উঠিব পাৰে ৷ সেয়েহে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ নিৰ্মাণত বিদ্বান সমাজে গুৰুত্ব আৰোপ কৰা উচিত ৷” সম্প্ৰতি অসম চৰকাৰে “গ্ৰন্থ-বৰ্ষ” ঘোষণা কৰাৰ উপৰি ৰাজ্যখনৰ বিভিন্ন স্থানত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা কাৰ্যক প্ৰশংসা কৰি তেওঁ কয় যে, চৰকাৰৰ এনে উদ্যোগে অসমৰ বৌদ্ধিক বাতাৱৰণ আস্থাশীল কৰি তুলিছে ৷ আন এগৰাকী বিশিষ্ট অতিথি, শিলচৰ বিধানসভা সমষ্টিৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তীয়ে কয়——“ অসমত গ্ৰন্থ আন্দোলনে নতুন মাত্ৰা লাভ কৰিছে ৷ বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত অসম গ্ৰন্থমেলা আয়োজন কৰা বাবে ৰাজ্য চৰকাৰ, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ ইয়াৰ ফলত শিলচৰৰ বৌদ্ধিক সমাজ আৰু বিদ্যায়তনিক ক্ষেত্ৰখনে সুফল লাভ কৰিব ৷” বিধায়ক চক্ৰৱৰ্তীয়ে কিতাপ ক্ৰয়ৰ লগতে সকলো দিশৰ পৰাই অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰিবলৈ শিলচৰবাসীক আহ্বান জনায় ৷ আন এগৰাকী বিশিষ্ট অতিথি, উত্তৰ শ্ৰীভূমি বিধানসভা সমষ্টিৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই কয় যে সমাজ গঠনত গ্ৰন্থৰ ভূমিকা অতুলনীয় ৷ চলিত বৰ্ষটোক চৰকাৰে গ্ৰন্থ-বৰ্ষ বুলি ঘোষণা কৰি গ্ৰন্থ আন্দোলনক তৰান্বিত কৰিবলৈ প্ৰয়াস কৰাটো আনন্দদায়ক কথা ৷ গ্ৰন্থ ক্ৰয় আৰু অধ্যয়নৰ সুন্দৰ বাতাৱৰণ গঢ়ি উঠিলে সকলো উপকৃত হ’ব বুলি উল্লেখ কৰি তেওঁ সকলো পক্ষকে অসম গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা বাবে ৰাজ্য চৰকাৰ, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক ধন্যবাদ জ্ঞাপন কৰে তেওঁ ৷ উদ্বোধনী সভাত আদৰণী ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়——“মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ সকলক উৎসাহিত কৰাৰ লগতে গ্ৰন্থ আন্দোলনটোক অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰিকল্পনা অনুসৰি গ্ৰন্থ-বৰ্ষ ২০২৫ৰে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোটৰ জৰিয়তে সৃজনীশীল সাহিত্যক লৈ আলোচনা সত্ৰ, মহাবিদ্যালয় গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছে অসম প্ৰকাশন পৰিষদে ৷ তদুপৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছে ৷” সচিব কলিতাই লগতে কয় যে সম্প্ৰতি প্ৰযুক্তিৰ, বিশেষকৈ মোবাইলৰ ব্যাপক ব্যৱহাৰে ছপা মাধ্যমৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰাটো সত্য ৷ ক’ভিড মহামাৰীৰ ফলতো ছপা মাধ্যমৰ ওপৰত ব্যাপক নেতিবাচক প্ৰভাৱ পৰিছিল ৷ কাৰ্যতঃ এয়া আছিল গ্ৰন্থৰ জগতখনৰ ওপৰতো গুৰুতৰ আঘাত ৷ কিন্তু গ্ৰন্থৰ বিকল্প যে আন একো হ’ব নোৱাৰে সেয়া বিদ্বৎ মহলে সদায়ে কৈ আহিছে ৷ সেয়েহে ২০২১ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলাৰ আয়োজন কৰি ৰাজ্যখনত গ্ৰন্থৰ ছপা, বিক্ৰী আৰু অধ্যয়নৰ ক্ষেত্ৰত এটা আশাব্যঞ্জক বাতাৱৰণ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হৈছিল ৷ বিভিন্ন স্থানত গ্ৰন্থমেলা কৰাটো প্ৰত্যাহ্বানমূলক হৈ পৰে ৷ কিন্তু এই প্ৰত্যাহ্বান যে অতিক্ৰম কৰিব নোৱাৰি তেনে নহয় ৷ সম্প্ৰতি গ্ৰন্থমেলাই অসমত অন্য এক উৎসৱৰ ৰূপ লৈছে ৷ এই প্ৰয়াসেৰেই অসম গ্ৰন্থমেলা আৰম্ভ কৰা হৈছিল ৷ অসম গ্ৰন্থমেলা, শিলচৰ এই প্ৰয়াসৰে এক অংশ ৷ শিলচৰত ইয়াৰ পূৰ্বেও অসম গ্ৰন্থমেলা সফল হৈছিল বুলি সদৰি কৰি সচিব কলিতাই এইবেলিও ইয়াত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’ব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ গ্ৰন্থমেলাখনলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰে ৷ ইয়াৰ পাছতে আজিৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে হিৰণপ্ৰভা দেৱশিশু মন্দিৰ আৰু মালুগ্ৰাম গাৰ্লছ হাইস্কুলে ৷
