বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৯ সংখ্যক বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ আয়োজন

বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৯ সংখ্যক বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ আয়োজন

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- ব’হাগে কঢ়িয়াই আনে প্ৰত্যেকজন অসমীয়াৰ মনলৈ অফুৰন্ত উদ্যম, বিশ্বাস, প্ৰতিশ্ৰুতি আৰু অনাবিল ৰং আনন্দৰ জোৱাৰ। এনে এক বিনন্দীয়া ক্ষণতে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৪৯ সংখ্যক বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ। অসমীয়া ১৫, ১৬ আৰু ১৭ ব’হাগ (ইংৰাজী ২৮, ২৯ আৰু ৩০ এপ্ৰিল) তাৰিখে তিনিদিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ বাবে ইতিমধ্যে মাধুৰ্য শইকীয়াক সভাপতি, সমুদ্ৰ গগৈক কাৰ্যকৰী সভাপতি, বেদান্ত ভাৰ্গব বৰা আৰু ৰিকি বৰাক যুটীয়া সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। বৰপথাৰ উচ্চত্বৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হব লগা এই ৰঙালী বিহুৰ কায্যসূচী অনুসৰি ১৫ ব’হাগ তাৰিখে পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতেই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হব। ইয়াৰ পিছতেই ধনশিৰি মহকুমাৰ শিক্ষানুষ্ঠান সমূহৰ মাজত কুইজ, মুকলি বিহু, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু কেন্দ্ৰীয় ভিত্তিত হুঁচৰি, মুকলি বিহু, বৰ বিহুৱতী, সৰু বিহুৱতী, মৌ কুঁৱৰী, সৰু বিহুৱা, জেং বিহু, ঢোল বাদন, পেঁপা বাদন অনুষ্ঠিত হব। লগতে স্থানীয় বৰ বিহুৱতী আৰু স্থানীয় সৰু বিহুৱতী প্ৰতিযোগিতাও অনুষ্ঠিত হব। লগতে পৰম্পৰাগত কণীযুজ আৰু আমন্ত্ৰিত সাংস্কৃতিক দলৰ কৃষ্টি প্ৰদৰ্শিত হব। উল্লেখ্য যে বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ আটাইতকৈ ব্যতিক্ৰমী দিশ হৈছে ইয়াৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।মহকুমাটোৰ বিভিন্ন ঠাইৰ পৰা আহি অংশগ্ৰহণ কৰা ভিন্ন জাতি- জনগোষ্ঠী, বিদ্যালয়-মহাবিদ্যালয়, মহিলা গোট, ক্লাব আদিৰ মনোমোহা শোভাযাত্ৰা চাবলৈ মহকুমাটোৰ বিভিন্ন ঠাইৰ পৰা অসংখ্য লোক আহি বৰপথাৰ নগৰত ভিৰ কৰেহি। এই ৰঙালী বিহু উৎসৱৰ অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে অংশগ্ৰহণ কৰিব। ইপিনে উদযাপন সমিতিয়ে বিভিন্ন প্ৰতিযোগিতা বা আন কায্যসূচীৰ বাবে ৯৩৬৫৩৫৮০০৫ আৰু ৭০০২০৪৫০৯৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।