বৰেণ্য শিক্ষাবিদ, বাকপটু সুবক্তা দেবেন দত্তৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ 

বৰেণ্য শিক্ষাবিদ, বাকপটু সুবক্তা দেবেন দত্তৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সমাজ জীৱনৰ এজন পুৰোধা ব্যক্তি, বৰেণ্য শিক্ষাবিদ, বাকপটু সুবক্তা, নিৰ্ভীক তথা স্পষ্টবাদী লেখক, নি:হংকাৰী অধ্যাপক দেবেন দত্তৰ বিয়োগত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰি ৰাজ্যবাসীয়ে হেৰুৱালে এজন সততা-নিষ্ঠাবান ব্যক্তিক বুলি একেমুখে স্বীকাৰ কৰে । এক বিজ্ঞপ্তিত “বহুভাষিক সাহিত্য মঞ্চ, অসম” চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “সাম্প্ৰতিক সময়ৰ অসমৰ লগতে ভাৰতবৰ্ষত এগৰাকী স্পষ্টবাদী তথা সততা থকা ব্যক্তি আছিল অধ্যাপক দত্ত ছাৰ । কঠোৰ ভাষাৰে সমালোচনা কৰি পিছত মৰমেৰে বুজাই দিয়াৰ দক্ষতা আছিল । ইংৰাজী ভাষাৰ অধ্যাপক কিন্তু অসমীয়া ভাষা-সাহিত্যত আছিল অগাধ পাণ্ডিত্য । সময়ৰ আগত চিন্তা কৰি মানুহক বুজাই দিছিল, অনেক কথা । আজিৰ তাৰিখত দত্ত চাৰৰ দৰে শক্তিশালী কণ্ঠ তথা কলমৰ শক্তি খুৱ কম লোকৰে আছে । চাৰৰ বিদেহ আত্মাৰ আমি সদগতি কামনা কৰিলোঁ।” অধ্যাপক দেবেন দত্ত ছাৰৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ সম্পাদক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ-সাহিত্যিক শচীন দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, “আজিৰ কবিতা” কাব্যালোচনীৰ মুখ্য সম্পাদক ড০ ভৱেশ দাস, সম্পাদক বিনয় চলিহা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, আজাৰা সাহিত্য সভাৰ উপ-সভাপতি বুলু কুমাৰী বড়া, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং”, এক মননশীল অনুষ্ঠান ” কল্পতৰু”, অসম শিশু সাহিত্য সমাজ আদি ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহআত্মাৰ সদগতি কামনা কৰে ।