বৰিহাটস্থিত আয়ুসকল্প জনতাৰ মেডিকেলত এগৰাকী মহিলাক ভুল চিকিৎসা
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠা একাংশ ব্যক্তিগত চিকিৎসালয়ৰ বহুৱালি বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে যোৱা ২৫ আগষ্ট তাৰিখে দিপালী মজুমদাৰ নামৰ এগৰাকী মহিলাই বৰিহাটস্থিত আয়ুসকল্প জনতাৰ মেডিকেলত ভৰি এখন ফেস্কাৰ হোৱাত দেখুৱাবলৈ যোৱাত ভৰিৰ এক্সে কৰিব দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই,এক্সে কৰাৰ পাছত ৰিপৰ্টত আয়ুসকল্প জনতাৰ মেডিকেল উক্ত বিভাগৰ কৰ্মকৰ্তাই কোনোধৰণৰ ফেস্কাৰ হোৱা নাই বুলি কিছুপৰিমাণৰ দৰৱ দি পঠাই দিয়ে,দুদিন পাছত মহিলাগৰাকীৰ ভৰিখন ফুলি কলা পৰি যায় , তৎকালীনভাৱে মহিলাগৰাকীয়ে অন্য এখন মেডিকেলত ৰিপৰ্টো দেখুৱাই গম পাই যে ভৰিখনত দুটাকৈ ফেস্কাৰ হৈছে ৷ কথমপি এই মহিলাগৰাকী ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে৷ ভুক্তভোগীয়ে মৃত্যুদুতৰূপী আয়ুসকল্প মেডিকেলৰ কৰ্তৃপক্ষক বিষয় সন্দৰ্ভত অৱগত কৰাই যদিও কৰ্তৃপক্ষই দায়িত্বহীনভাৱে ভুক্তভোগীক অসভ্য আচৰণ কৰে ৷ উক্ত ঘটনাই এতিয়া সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰি হতচকিত কৰি তুলিছে সচেতন মহলক, লগতে প্ৰশ্ন উত্থাপন হৈছে যদি সাধাৰণ ৰোগত আয়ুসকল্প জনতাৰ মেডিকেল কৰ্তৃপক্ষৰ এনে গাফিলতি হয় তেনেহলে জৰুৰীকালীন ৰোগীৰ কি দশা হব পাৰে ?পৰৱৰ্তীসময়ত স্বাস্থ্য বিভাগে বৰিহাটস্থিত আয়ুসকল্প জনতাৰ মেডিকেলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষণীয়