বৰাৰ পো মাধৱ
হে জগতগুৰু গুৰু মাধৱ,
তুৱা বাবে ধন্য ভকতসৱ।
তুমি যেন ইহ জগতক পবিত্ৰ কৰিলা,
অসমক তুমি যেন ভক্তিৰস দিলা।
নাৰায়ণপুৰত তোমাৰ হ’ল জনম,
ধৰমৰ হকে তুমি কৰিলা কৰম ।
বোৱালা গুৰু তুমি! ভক্তিৰ ধাৰা,
অন্তহীন গুৰু! তোমাৰ কথা।
গুৰু শংকৰৰ তুমি প্ৰিয় শিষ্য,
হে গুৰু মাধৱ তুমি নমস্য।
শংকৰৰ তুমি বৰাৰ পো মাধৱ,
তুমি যেন ভক্তিৰ দিলা উৎসৱ।
তুমি বিনে গুৰু শংকৰ আধৰুৱা,
কীর্তি স্তম্ভ ৰূপে নাম-ঘোষা ৰচিলা।
পৰম ৰতন তুমি ইহ জগতৰ,
পৰম গুৰু তুমি হৰি ভকতৰ
মণিকাঞ্চন সংযোগে শংকৰক পালা,
শংকৰৰ প্ৰাণ বান্ধৱ মাধৱ হ’লা।
তোমাৰ বৰগীতত যেন ঈশ্বৰৰ বদন,
বৰগীতে বাল গোপাল কৰালা দৰ্শন।
ভক্তিৰসৰ কি মধুৰ সুৰ মিলন!
মোহিলা বৰগীতে তুমি সকলোৰে মন!
ভক্তিৰ তুমি গুৰু, দিলা জ্ঞান,
অসমৰ তুমি গৌৰৱ আৰু মান।
গুৰু শংকৰে তোমাক ধৰ্মৰ দিলে ভাৰ,
বৈষ্ণৱ ধৰ্ম তুমি কৰিলা প্ৰসাৰ।
প্ৰণামো তোমাক সহস্ৰ-কৌটি বাৰ,
কল্যানময় কৰি ৰাখিবা ইহ সংসাৰ।
-নিতিষ্মান দাস
অষ্টম শ্রেণী