বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্রী

বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ ঐতিহাসিক অসম আন্দোলনৰ ৮৬০গৰাকী অমৰ শ্বহীদৰ পুণ্য স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বটদ্ৰৱাৰ পৰা উভতি আহি গৃহমন্ত্ৰীগৰাকীয়ে স্মাৰক ক্ষেত্ৰত উপস্থিত হোৱাৰ সময়ত তেওঁক সংগ দিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্ৰী অতুল বৰাই। গৃহমন্ত্রী অমিত শ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰত এটা গছপুলিও ৰোপণ কৰে।

উল্লেখ্য যে পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্ৰ যোৱা ৮ ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুকলি কৰিছিল। অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰকত ২৫০ ফুট ওখ টাৱাৰে সকলোৰে দৃষ্টি আকর্ষণ কৰে। আনহাতে, শ্বহীদ স্মাৰকটোত শ্বহীদসকলৰ আবক্ষ মূর্তি স্থাপন কৰা হৈছে।

সমান্তৰালভাৱে আছে চাইকেল ট্রেক আৰু এটা অত্যাধুনিক অডিটৰিয়াম। শেহতীয়াকৈ চলিত মাহৰ আৰম্ভণিতে দুদিনীয়া অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই স্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল । গৃহমন্ত্ৰীগৰাকীক এটা শ্বহীদ স্মাৰকেৰে সম্বর্ধনাও জনোৱা হয় উক্ত স্থানত।