বৰাগাঁৱত এজন লোকৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বৰাগাঁও উৰণ সেতুৰ তলত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত গড়চুক আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত মৃতদেহটো ৭২ ঘণ্টাৰ বাবে মৰ্গত ৰখা হৈছে যদিও পৰিচয় উদ্ধাৰ হোৱা নাই।
