বৰাক উপত্যকাৰ বাবে পর্যাপ্ত CUET ৰ পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰক‌ : এবিভিপি

বৰাক উপত্যকাৰ বাবে পর্যাপ্ত CUET ৰ পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰক‌ : এবিভিপি

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম প্ৰদেশে ইমেইলৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকলৈ কালি এক পত্ৰযোগে অসমৰ বৰাক উপত্যকাত CUET পৰ্যাপ্ত পৰিমাণৰ পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনায়। অসমৰ বৰাক উপত্যকা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি তিনিখন জিলাৰে গঠিত। এই জিলাসমূহৰ আটাইকেইখন মহাবিদ্যালয় শিলচৰ (কাছাৰ)ত অৱস্থিত অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। যিখন এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু সেয়েহে বৰ্তমান অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ সমূহ মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে CUET পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। কিন্তু বহু সংখ্যক মহাবিদ্যালয় থকা এই শিলচৰ অঞ্চলত CUET পৰীক্ষাৰ বাবে মাত্ৰ এটাহে পৰীক্ষা কেন্দ্ৰ আছে।ইয়াৰ ওপৰিও বাংলা আৰু ইভিএছৰ পৰীক্ষা কেন্দ্ৰ আগৰতলা (ত্ৰিপুৰা), মেঘালয়, যোৰহাট আৰু গুৱাহাটীত দিয়া হৈছে। যাৰ ফলত CUET ৰ পৰীক্ষাত অবতীৰ্ণ হোৱ ছাত্ৰ ছাত্ৰী সকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে। বৰাক উপত্যকাত পৰ্যাপ্ত পৰীক্ষাৰ কেন্দ্ৰ স্থাপন আৰু শিলচৰত বাংলা আৰু ইভিএছ বিষয়ক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকলৈ এক পত্ৰ প্ৰেৰণ কৰা হয়। এবিভিপিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে বৰকা উপত্যকাত পর্যাপ্ত পৰীক্ষা কেন্দ্ৰ নথকাৰ বাবে সেই অঞ্চলৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, বিশেষকৈ আৰ্থিকভাৱে পিছ পৰা ছাত্ৰ ছাত্ৰী সকল অৰ্থৰ অভাৱত পৰীক্ষা কেন্দ্ৰ সমূহলৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বিদ্যাৰ্থী পৰিষদে সংশ্লিষ্ট কতৃপক্ষৰ ওপৰত অনতিপলমে পর্যাপ্ত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ছাত্ৰ ছাত্ৰী সকলক সুবিধা কৰি দিবলৈ দাবী জনায়।