বৰাক উপত্যকাত প্ৰযুক্তিৰ নতুন বিপ্লৱ: পাঁচগ্ৰামত ২০০ কোটি টকাৰ অত্যাধুনিক টেকন’ল’জি চেণ্টাৰ স্থাপনৰ দিশে ঐতিহাসিক পদক্ষেপ
শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা- বৰাক উপত্যকাৰ শিল্প, প্ৰযুক্তি আৰু অৰ্থনৈতিক পৰিকাঠামোক এক নতুন উচ্চতালৈ লৈ যাবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত মঙ্গলবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ যৌথ বৈঠকত এই বৃহৎ প্ৰকল্পৰ ৰূপৰেখা চূড়ান্ত কৰা হয়। সভাখন জিলাৰ আয়ুক্ত মৃদুল যাদৱৰ অধ্যক্ষতাত অনুষ্ঠিত হয়, য’ত উপস্থিত আছিল জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বে, লগতে শিল্প-ব্যৱসায়, শিক্ষানুষ্ঠান আৰু বিত্তীয় সংগঠনৰ বহুতো গুৰুত্বপূৰ্ণ প্ৰতিনিধি। বৈঠকত পাঁচগ্ৰামত ২০০ কোটি টকাৰ ব্যয়ৰে গঠিত হ’বলগীয়া অত্যাধুনিক টেকন’ল’জি চেণ্টাৰৰ পৰিকল্পনাৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়।
এই বৃহৎ প্ৰযুক্তি চেণ্টাৰ ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, মাঝারি আৰু কুটিৰ উদ্যোগ (MSME) মন্ত্ৰণালয়ৰ “Establishment of New Technology Centres / Extension Centres” আঁচনিসমূহৰ অধীনত গঠিত হ’ব আৰু প্ৰায় ২০ একৰ জমিৰ ওপৰত নিৰ্মাণ কৰা হ’ব। এই যুগান্তকাৰী প্ৰকল্পে বৰাক উপত্যকাৰ শিল্প উদ্যোগ আৰু প্ৰযুক্তিগত বিকাশত এক নতুন দিগন্ত উন্মোচন কৰিব। অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি স্থানীয় যুৱসমাজক দক্ষ কৰি নতুন কৰ্মসংস্থানের সৃষ্টি কৰা হ’ব, লগতে উদ্যমীসকলক সহায় কৰা হ’ব।
এই বৃহৎ প্ৰকল্পৰ নিৰ্মাণ আৰু বাস্তবায়নৰ দায়িত্ব ইৰকন ইণ্টাৰনেচনেল লিমিটেড (IRCON)-ক দিয়া হৈছে, আৰু অংশীদাৰ হিচাপে আছে গ্ৰান্ট থৰ্টন ভাৰত (Grant Thornton Bharat)। বৈঠকত গ্ৰান্ট থৰ্টন ভাৰতৰ প্ৰতিনিধিসকলে এক বিস্তৃত ৰূপৰেখা উপস্থাপন কৰে, য’ত উল্লেখ কৰা হয় যে এই প্ৰযুক্তি কেন্দ্ৰে MSME ক্ষেত্ৰৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব। বিশেষকৈ, স্থানীয় উদ্যোগসমূহলৈ উন্নত প্ৰযুক্তি যোগান ধৰাৰ লগতে, যুৱ সমাজৰ দক্ষতা উন্নীত কৰি নতুন কৰ্মসংস্থানের ক্ষেত্ৰ সৃষ্টি কৰাটো মূল লক্ষ্য। লগতে, এই প্ৰকল্পে নতুন ষ্টাৰ্টআপ আৰু উদ্যমীসকলক উৎসাহিত কৰি টেকছেই অৰ্থনৈতিক উন্নয়নৰ ভিত সাজি তুলিব।
এই সভাত উপস্থিত আছিল এন আই টি শিলচৰ, শিলচৰ পলিটেকনিক, আই টি আই শ্ৰীকোণাৰ লগতে বিভিন্ন প্ৰযুক্তিগত শিক্ষা প্ৰতিষ্ঠান, স্থানীয় ব্যৱসায়ী আৰু বিত্তীয় প্ৰতিষ্ঠানৰ প্রতিনিধিসকলে। বৈঠকত এই টেকন’ল’জি চেণ্টাৰে কিদৰে বৰাক উপত্যকাৰ শিল্প উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণ কৰি অঞ্চলটোক আত্মনিৰ্ভৰশীল আৰু উদ্ভাৱনীমূলক দিশত আগুৱাই নিয়াব পাৰিব, সেই বিষয়ে গভীৰভাৱে আলোচনা কৰা হয়।
উল্লেখযোগ্য যে, শিলচৰে যেতিয়া প্ৰযুক্তিগত দিশত এক বৃহৎ উন্নয়নৰ দিশে আগবাঢ়ি আছে, এই নতুন টেকন’ল’জি চেণ্টাৰ মাথো এখন শিল্প উন্নয়ন প্রকল্প নহয়, বরং ই এক আত্মনির্ভৰশীল আৰু উচ্চদক্ষতা সম্পন্ন যুৱসমাজ গঠনৰ এক নতুন দিগন্ত। ইয়াৰ ফলত বৰ্তমান সময়ত বৰাক উপত্যকাৰ যুৱসকলে উচ্চ-প্ৰযুক্তিগত শিক্ষাৰ সুবিধা লাভ কৰিব, যাৰ ফলত উত্তৰ-পূৱ ভাৰতৰ অন্যতম শিল্প আৰু প্ৰযুক্তি কেন্দ্ৰ হিচাপে শিলচৰক গঢ়ি তুলিবলৈ সক্ষম হ’ব। এই দূৰদৰ্শী সিদ্ধান্তে বৰাক উপত্যকাৰ শিল্প, উদ্যোগ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ দুয়ার মুকলি কৰিছে।