বৰাকৰ ১৩খন আসনৰ ভিতৰত ১০খন লাভ কৰিব বিজেপিয়েঃ মুখ্য়মন্ত্ৰী

বৰাকৰ ১৩খন আসনৰ ভিতৰত ১০খন লাভ কৰিব বিজেপিয়েঃ মুখ্য়মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ চনৰ‌ বিধানসভা সমষ্টিৰ বৰাক উপত্যকাৰ ১৩ টা সমষ্টিৰ ১০ টা সমষ্টিতে‌ বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কয় যে, বৰাক উপত্যকাৰ ১৩টা বিধানসভা সমষ্টিৰ ১০টাই দখল কৰিব বিজেপিয়ে। বাকী তিনিটা মিঞাৰ হাতলৈ যাব। মিঞাই বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বৰাক উপত্যকাৰ সকলো খিলঞ্জীয়া মুছলমান আমাৰ লগত আছে। তেওঁলোকে আমাক ভোট দিয়ে। কৰিমগঞ্জত এইবাৰ তেওঁলোকৰ বাবেই জয়ী হ’লোঁ। কিন্তু বিদেশীসকল আমাৰ লগত নাই। মিঞাক মই ক’লেই বিজেপিক ভোট দিব নেকি? আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পলাতক উপাচার্য শম্ভুনাথ সিঙক বৰ্খাস্ত কৰাৰ লগতে দুর্নীতিৰ তদন্তৰ দাবীৰে ছাত্র সমাজে অব্যাহত ৰখা প্ৰতিবাদত তেজপুৰ বিশ্ববিদ্যালয়ত উদ্ভৱ হোৱা অচলাৱস্থাৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ বিষয়টোক লৈ প্রতিক্রিয়া ব্যক্ত কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে য’ত আন্দোলন হয় তাত মই নাথাকোঁ। কিন্তু য’ত আলোচনা হ’ব তাত মই থাকিম।