বৰাকত ৯ৰ পৰা ১১খন আসন লাভ কৰিব মিত্রজোঁটেঃমুখ্যমন্ত্ৰী

বৰাকত ৯ৰ পৰা ১১খন আসন লাভ কৰিব মিত্রজোঁটেঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৰাক উপত্যকাৰ হাইলাকান্দি আৰু কাছাৰ জিলাৰ চাৰিটা গুৰুত্বপূৰ্ণ সমষ্টিত নির্বাচনী প্ৰচাৰ চলাই ভাৰতীয় জনতা পার্টি আৰু মিত্ৰজোঁটৰ সমর্থনত এক প্রবল জোৱাৰৰ সৃষ্টি কৰে। মুখ্যমন্ত্রী ড° শর্মাই ক্রমে হাইলাকান্দি, ধলাই, কাটিগড়া আৰু বৰখলা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাত অংশগ্রহণ কৰাৰ লগতে সন্ধিয়া শিলচৰ চহৰত এক বিশাল ৰোড শ্ব’ত ভাগ লয়। প্রতিখন সভাতে হাজাৰ হাজাৰ জনতাই উষ্ম আদৰণি জনাই বিজেপি মিত্রজোটৰ প্ৰতি থকা অকুণ্ঠ সমর্থন প্রদর্শন কৰে।  মুখ্যমন্ত্রী ড° শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত কয়- এনডিএ নির্বাচনত ৯০ৰ পৰা ১০০খন আসন লাভ কৰিব। উল্লেখ্য যে বিৰোধীক নিষ্প্রভ কৰি সমগ্ৰ ৰাজ্যতে প্ৰচাৰ অভিযান অব্যাহত ৰখা মুখ্যমন্ত্রী ড° শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপৰি কেইবাজনো ৰাষ্ট্ৰীয় নেতাই ৰাজ্যত প্ৰচাৰ অভিযান চলাই আছে। এনে অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও এইবাৰ এনডিএই ৯০ খনতকৈও অধিক আসন লাভ কৰিব বুলি মুকলি দাবী কৰিছে। আজি পুনৰ এই দাবী স্পষ্ট কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- বিজেপিয়ে এই নির্বাচনত ক্লীন শুইপ কৰি ৯০ৰ পৰা ১০০খন আসন লাভ কৰিব। আনহাতে, বৰাক উপত্যকাৰ ১৩খন আসনৰ ভিতৰত এনডিএ ৯খনৰ পৰা ১১খন আসন লাভ কৰিব। এই প্রসংগত মুখ্যমন্ত্রীয়ে কয়- বৰাকৰ সনাতনী সমাজে বিজেপিক ভাল পায়। বৰাকৰ কিছু নেতাৰ প্ৰতি অলপ খং থাকিলেও আমাৰ আৰু প্ৰধানমন্ত্ৰীৰ মোদীৰ মুখখনলৈ চাই সকলোবে বিজেপিক ভোট দিব। ইফালে, বৰাকৰ সংখ্যালঘু ভোটাৰৰ ২-৩ শতাংশ ভোট বিজেপিয়ে লাভ কৰিব বুলিও আ দাবী কৰে।