বৰহেৰামদোত মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উদযাপন
‘চোৰ ধৰা’ ঝুমুৰা-ভাওনা আৰু ‘টেলিস্কোপ’ প্ৰদৰ্শন
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান বৰহেৰামদো কাঁহিগঙ্গা পুথিভঁৰালৰ উদ্যোগত আৰু বৰহেৰামদো ৰাইজ গয়ৰহৰ সম্পূৰ্ণ সহযোগত বৃহস্পতিবাৰে এদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বৰহেৰামদো সত্ৰ আৰু বৰহেৰামদো কাঁহিগঙ্গা পুথিভঁৰাল প্রাংগনত মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উদযাপন কৰা পৰিলক্ষিত হয়। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঊষা কীৰ্তন,সত্ৰ চৌহদত ধৰ্মধ্বজা উত্তোলন,নাম-প্ৰসংগত,ভাগৱত শোভাযাত্ৰা,আইসকলৰ দিহানাম প্ৰদৰ্শনৰ লগতে আবেলি সৰু লৰা-ছোৱালীৰ খেল ধেমালী অনুষ্ঠিত হয়। আবেলি উন্মোচিত কৰা হয় প্ৰাচীৰ পত্ৰিকা ‘কাঁহিগঙ্গা’। বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতা আৰু অধ্যাপক যুগল চন্দ্ৰ বৈশ্যৰ উপস্থিতিত উক্ত অনুষ্ঠানটো সম্পন্ন কৰা হয়। সন্ধিয়া ৰংগমঞ্চ মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই,বন্তি প্ৰজ্বলন কৰে পঞ্চায়ত সদস্য হীৰামণি ৰাভা কছাৰীয়ে। বঁটা বিতৰণৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা কাৰ্যসূচীও ৰূপায়ন কৰা হয় উক্ত অনুষ্ঠানত। সন্ধিয়া ৰংগমঞ্চত মহাপুৰুষ মাধৱদেৱ বিৰচিত আৰু ভাৰত মহন্ত আৰু ধনমণি দাস পৰিচালিত ঝুমুৰা-ভাওনা ‘চোৰ ধৰা’ মঞ্চায়ন কৰাৰ লগতে নিশা নয়ন বৈশ্যৰ দ্বাৰা ৰচিত তথা পবন মহন্তৰ দ্বাৰা পৰিচালিত সামাজিক নাট ‘টেলিস্কোপ’ প্ৰদৰ্শন কৰা হয়।