বৰষুণ
লক্ষী প্ৰসাদ ৰেগন
বৰষুণ
যাৰ বুকুত সেউজীয়া গভীৰ।
ওখ ওখ অৰণ্যবোৰ আপোন
নিমাত নিটাল পুৱা কি গধূলি
আনকি ব্যস্ত চহৰবোৰো
ৰঙা ছাতিৰ তলত মুখ লুকুৱা
পাত গাভৰুহতঁৰ মুখখন চাবলৈকো খুব হেঁপাহ
বৰষুণৰ
ক’ৰ এজাক সপোন যেন বৰষুণ’ গীতটি যাৰ প্ৰিয়
বৰষুণ কেতিয়াও অপ্ৰিয় হ’ব নোৱাৰে
বৰষুণত তিতা দেউতাৰ লুণীয়া দেহাটোৰ সৈতে
নিবিড় সম্পৰ্ক
আমাৰ ভোকৰ ভাত মুঠি
আৰু
সুখ দুখৰ ঘৰখনো