বৰষুণ – মিন্টু গোৱলা

বৰষুণ
মিন্টু গোৱলা, লখিমপুৰ
ৰিমি ঝিমি বৰষাত
 তিতিবৰ মন যায় ।
বৰষাৰ টোপালৰ লগত
মিলি যাবলৈ মন যায়
জান-জুৰিলৈ ।
তিতিবৰ মন যায়
এজাক আবতৰিয়া
বৰষাৰ লগত,
যত থাকে  সপোন ।
কেতিয়াবা যাবলৈ মন যায়
বৰষাৰ হিয়াৰ মাজত ,
বৰষাৰ হিয়াৰ মৰম ল’বলৈ ।
কেতিয়াবা আকৌ ভয় লাগে
বৰষাৰ হিয়াৰ টোপাল বোৰ যদি
ভয়ংকৰ হৈ হিয়ালৈ নামি আহে ।
কি হ’ব বাৰু ?
সেই বাবে  বৰষাৰ লগত
তিতিবলৈও ভয় লাগে ।