বৰষুণ , বানপানী আৰু গুৱাহাটী- ফখৰুদ্দিন আহমেদ

Pc NDTV.com

বৰষুণ , বানপানী আৰু গুৱাহাটী

ফখৰুদ্দিন আহমেদ

কৈশোৰ কালত গুৱাহাটীলৈ কাৰোবাৰ লগত যাব পৰাটো এটি ডাঙৰ সুযোগ হিচাপে গ্ৰহণ কৰিছিলো। বয়সৰ হিচাপত পঞ্চাশৰ দেউনাত ভৰি দিয়াৰ সাম্প্ৰতিক মুহূৰ্তলৈ বিভিন্ন কাৰণত বহু বাৰ গুৱাহাটীলৈ অহা যোৱা কৰিছো। এতিয়া অৱশ্যে উত্তৰ গুৱাহাটীৰ জাহাজ ঘাটেৰে গুৱাহাটীলৈ অহা যোৱা কৰাৰ সুবিধা হোৱাত বিষয়টি সহজতৰ পৰা সহজতম পৰ্যায়লৈ গতি কৰিছে।গুৱাহাটী বিভিন্ন কাৰণত কেৱল অসমৰ বাবেই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ বাবে আকৰ্ষনীয় স্থান হিচাপে বিবেচিত হৈ পৰিছে।কিন্তু যোৱা ছয় চেপ্তেম্বৰ তাৰিখ মঙ্গলবাৰে গুৱাহাটীলৈ সপত্নীক গৈ তিনিটি প্ৰায় বিৰল অভিজ্ঞতাৰ সমূখীন হ’লো। সেই তিনিটা অভিজ্ঞতাই আজীৱন মোৰ মন গহ্বৰত দোলা দি থাকিব।
মোৰ ৰুটিন মাফিক স্বাস্থ্য পৰীক্ষাৰ বাবে সপত্নীক উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড নামৰ জাহাজ ঘাটটিৰে পাৰ হৈ গুৱাহাটীৰ উলুবাৰীস্থ এপ’ল’ ক্লিনিক পাইছিলো গৈ ৰাতিপুৱা প্ৰায় ৭-৩০ বজাত।ইতিমধ্যে আমি যাত্ৰা পথত প্ৰায় ৩৭ কিলো মিটাৰ মান পথ অতিক্ৰম কৰিছিলো। তাত মোৰ তেজ পৰীক্ষাৰ বাবে তেজ দি ওলাই গৈছিলো হাতীগাঁৱলৈ ।তাত ভাত পানী খাই পুনৰ উপস্থিত হৈছিলো গৈ এপ’ল’ ক্লিনিকত আবেলি প্ৰায় ৪-০০ বজাত। ডেৰ ঘন্টামান ৰিপোৰ্টৰ বাবে অপেক্ষাত থাকি আমনিবোধ হোৱাত বাহিৰলৈ একাপ চাহ পিবলৈ ওলাই আহিলো। চাহ পি থাকোতে প্ৰথম অভিজ্ঞতাৰ সমুখীন হও। এগৰাকী ডেকা যুবক। মই চাহ পি থকা পথৰ কাষৰ হোটেল খনিলৈ আহি ইফালে সিফালে অহা যোৱা কৰি থকা মোৰ চকুত পৰিল। যুবক জনে বাৰে বাৰে গ্ৰাহক সকলে খাই থকা কাগজৰ প্লেটবোৰলৈ চকু দি আছিল। গ্ৰাহক এগৰাকীয়ে খাই থকা ফ্ৰাইড ৰাইছ আধা খিনি খাই এৰি যোৱাৰ লগে লগে উক্ত যুবক জনে হোটেল খনৰ ভিতৰলৈ সন্তৰ্পণে সোমাই আহিল আৰু ততাতয়াকৈ সেই ফ্ৰাইড ৰাইছৰ প্লেট খন লৈ দুই চামুছ মান মুখত দি ক্ষীপ্ৰ গতিত হোটেল খনৰ পৰা ওলাই যিমান সম্ভব নিৰাপদ স্থানলৈ গুছি গ’ল। এনে ধৰণৰ ঘটনা মোৰ সমুখত এয়ে প্ৰথম কাৰণে নহয়। আমি অৰ্থনৈতিক ভাবে সবল দেশৰ নাগৰিক , দাৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে চৰকাৰে শ শ আচনি গ্ৰহণ কৰি ৰূপায়ণ কৰি থকাৰ দিনত , সকলোৰে বাবে স্বাস্থ্য শ্লোগানটি প্ৰচাৰ হৈ থকাৰ দিনত এনে এটি ঘটনা কোনো কাৰণতে আমাৰ কাম্য নহয় ।
এনেতে আহিল এজাক বৰষুণ।মানে একেবাৰে মুষলধাৰেৰে। দৌৰা দৌৰিকৈ আহি পুনৰ এপ’ল’ ক্লিনিকত সোমালো্। ৰাতি প্ৰায় ৮-৩০ বজাত বাহিৰলৈ ওলাই আহি হতভম্ব হ’লো। কাৰণ বাইক থোৱা ষ্টেণ্ডটোত তেতিয়ালৈ আঠুৰ ওপৰত পানী ।মানে সন্ধ্যাৰ মুষলধাৰ বৰষুণ জাকে সৃষ্টি কৰা কৃত্ৰিম বানপানী। ইতিমধ্যে গম পালো যে গুৱাহাটীৰ বহুতো পথ , উপপথ ইতিমধ্যে কৃত্ৰিম বানপানীত ডুব গৈছে আৰু গুৱাহাটীবাসীৰ যাতায়তত যন্ত্ৰণা আৰম্ভ হৈছে। ঘৰলৈ উভতি অহাৰ কথা আছিল যদিও বাট পথৰ নিৰাপত্তাৰ কথা চিন্তা কৰি পুণৰ হাতীগাঁৱলৈ যাত্ৰা কৰিলো। গণেশগুৰিৰ পৰা হাতীগাঁৱলৈ যোৱা পথটিত গাড়ী মটৰবোৰে অতি নিম্ন গতিত চলাচল কৰি আছে। এই নিম্ন গতিৰ সুত্ৰ বিচাৰি যেতিয়া পালো তেতিয়া আমি ৰাজধানী মছজিদ পাৰ হৈ গৈ সেই পথটিত হোৱা কৃত্ৰিম বানপানী ফালি গৈ আছো। আমাৰ বাইক খনিৰ বুৰ যাবলৈ মাত্ৰ যাত্ৰী বহা আসন খনহে বাকী থাকিল। ফলশ্ৰুতিত মই আৰু পৰিবাৰ কৰঙনলৈ তিতিব লগা হ’ল। তীব্ৰ সোঁতত বহুতো বাইক আৰোহী তাতে পৰি যোৱা দেখাৰ লগতে কোনো নিউজ চেনেলৰ সাংবাদিকে এককাল পানীত তিতি বুৰি লাইভ সংবাদ পৰিবেশন কৰি থকা দেখা পালো।তেওৰ কৰ্তব্য নিষ্ঠা দেখি প্ৰণাম জনালো অন্তৰৰ পৰা ।
পিছ দিনা চিকিৎসকৰ পৰামৰ্শ লতে ঔষধ পাতি কিনি লৈ পুণৰ ফাঁচী বজাৰৰ সমীপৰ জাহাজঘাটত আহি জাহাজত উঠিলো।জাহাজ গৈ ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজাদুৱাৰ ঘাটত লাগিব। জাহাজত চলি থকাৰ মাজতে “এই খনি গাঁও আপোন আপোন , ইয়াতে দেখো নতুন সপোন ” শীৰ্ষক গীতটি এগৰাকী অন্ধ মানুহে গাই গাই সহায় ভিক্ষা কৰা দেখা পালো। সহযাত্ৰী কেইগৰাকীৰ লগতে ময়ো চালো। হঠাতে এজন সহযাত্ৰীয়ে লাহেকৈ কৈ উঠিল ” অন্ধ নহয় কিজানি ” মানে মানুহ গৰাকীয়ে ভাও ধৰিছে। মোৰ হৃদয়খনে হাহাকাৰ কৰি উঠিল । মানুহে বাৰু দিনৰ পোহৰত দেখা দেখিকৈ এনেকৈ ভাও ধৰিব পাৰিবনে? মই লাহেকৈ মানি বেগটিৰ পৰা সামৰ্থৰ ভিতৰত থাকি গীত গাই থকা অন্ধ মানুহজনক সাহায্য আগবঢ়ালো। আচৰিত হ’লো মানুহৰ মানবতাবোধ দেখি ।
মোৰ গুৱাহাটীৰ সম্পৰ্কত শেষ অকৃত্ৰিম অনুভবটি হ’ল প্ৰকৃততে আমাৰ সপোনৰ গুৱাহাটী খন এতিয়া পাবলৈ বৰ কঠিন হৈ গৈছে। আমাৰ কল্পনাৰ গুৱাহাটীখন ৰ’দ আৰু ফৰকাল বতৰতহে পাব পাৰি বোধহয়। বাৰিষা বতৰৰ বৰষুণ নাইবা আবতৰীয়া বৰষুণ হওক , এজাক মুষলধাৰ বৰষুণত এতিয়া গুৱাহাটীৰ বহুতো ঠায়েই সাগৰলৈ ৰূপান্তৰিত হৈ যায়।বিগত বৰ্ষবোৰত ইতিমধ্যে বানৰ কবলত পৰিয়েই হওক নাইবা ফুটপাথৰ ড্ৰেইনত তললৈ পৰিয়েই হওক বহুত মানুহে অকাল মৃত্যুক সাবতি ল’ব লগা হৈছে।মই নিজেও এবাৰ হেঙেৰাবাৰী অঞ্চলৰ লিছু বাগান এলেকাৰ ফুটপাথৰ ড্ৰেইনৰ তললৈ সৰকি পৰিছিলো আৰু আঘাটো পাইছিলো। পিছে যেনিবা ডিচেম্বৰ মাহ আছিল কাৰণে বাচি গ’লো। বাৰিষাৰ বতৰ হ’লে কি হ’লহেতেন সেয়া অকল্পনীয়।
এতিয়া কথা হৈছে গুৱাহাটীত পৌৰ নিগম আছে । অসম চৰকাৰত গুৱাহাটী মহানগৰ উন্নয়ণ নামৰ বিভাগ এটি আছে। উন্নয়ণ নোহোৱা নহয় , হৈছে। বহুতো অভাৰব্ৰীজ হৈছে ইত্যাদি ইত্যাদি। পিছে এজাক বৰষুণতেই মহানগৰখনিক মহাসাগৰলৈ ৰূপান্তৰকৰণত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা গুৱাহাটী মহানগৰীৰ ৰাস্তাবোৰৰ দুয়োকাষে থকা ড্ৰেইনবোৰৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগে কিয় আজিলৈ বিজ্ঞান সন্মত ব্যবস্থা গ্ৰহণ কৰা নাই সেয়া আশ্বৰ্যকৰ বিষয় হৈ পৰিছে। ড্ৰেইনবোৰ পৰিষ্কাৰ কৰিবলৈ পৌৰ নিগমে ক্ৰয় কৰি অনা লাখ টকীয়া বাহনবোৰ হেনো এতিয়া ভালুকৰ সাঙীলৈ ৰূপান্তৰ হৈছে সেয়া কাকতে পত্ৰেই সবিস্তাৰে প্ৰকাশ পাইছিল। নিশ্চয় এই দুয়োটা বিভাগৰ দ্বাৰা ৰূপায়িত আচনিবোৰ বিজ্ঞান সন্মত নহয় বৰঞ্চ কাৰোবাৰ খীৰতি গাই স্বৰূপ হৈ পৰিছে সেয়া ধ্ৰুব সত্য কথা।
লাহে লাহে গুৱাহাটীবাসীৰ মনত এনে এটি ধাৰণা হয়তো গঢ় ল’বলৈ আৰম্ভ কৰিছে যে গুৱাহাটীত বতৰ অবতৰৰ কথা নাই , যিদিনাই যেতিয়াই গুৱাহাটীত বৰষুণ হ’ব সিদিনাই তেতিয়াই গুৱাহাটীত বানত হাহাকাৰ হ’ব গুৱাহাটীবাসীৰ । অভাৰব্ৰীজ যি কাৰণে অতি প্ৰয়োজন সেই দৰে একে সমানেই প্ৰয়োজন গুৱাহাটীৰ ৰাস্তাৰ দুয়োকাষে থকা ড্ৰেইনবোৰৰ পানী নিষ্কাশণ ব্যবস্থাৰ আধুনীকিকৰণ কৰাৰ। এই ক্ষেত্ৰত অসম চৰকাৰৰ গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগ আৰু গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰবাসীৰ হিতাৰ্থে তাৎকালীন ভাবে কাৰ্য ব্যবস্থা হাতত ল’লে এনে নেতিবাচক দিশবোৰ সমাধান হ’ব বুলি আশা কৰিব পাৰি।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেবে তেখেতৰ আত্ম জীৱনী “মোৰ জীৱন সোঁৱৰণ” নামৰ গ্ৰন্থ খনিত সন্নিবিষ্ট “মোৰ মাতৃমুখ দৰ্শন” নামৰ অধ্যায়টিত লিখিছিল ” আৰু অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে।তাৰে গোটাদিয়েক হৈছে এই – (১) প্ৰাকৃতিক সৌন্দৰ্য , (২)ঐতিহাসিক উৎকৰ্ষ , (৩)প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা। অসমীয়াৰ জীৱন-বেদৰ পাত এইবোৰে প্ৰথমতে গুৱাহাটীতেই মুকলি কৰি দেখুৱায়।কালৰ পীড়নত আজিৰ অসম জীৰ্ণ-শীৰ্ণ-দীৰ্ণ।তথাপি গুৱাহাটীৰ বুকুত সেইবোৰ অবিলুপ্ত”। বিচাৰ্যৰ বিষয় যে সাহিত্যৰথীৰ বাস্তব আৰু দৃঢ় বিশ্বাসৰ গুৱাহাটীখন কেতিয়াবাই সলনি যে হৈ গ’ল সেয়া ধ্ৰুব সত্য। নহ’লে সু কণ্ঠশিল্পী , জনপ্ৰিয় গায়ক প্ৰয়াত দোস্ত হবিবুৰ ৰহমানৰ “গুৱেটীক আৰু কেথানো নাযাও , গুৱেটীক নমস্কাৰ ” ৰ লেখীয়া গুৱাহাটী হ’বলৈ বেছি দিন নালাগিব।