বৰষুণ নহ’লে ৰাজ্যত আনুষ্ঠানিকভাবে খৰাং ঘোষণা কৰা হ’বঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- গোলকীয় উষ্ণতা-জলবায়ু পৰিৱৰ্তন সম্প্ৰতি সমগ্র পৃথিৱী গ্ৰহৰ বাবে এক বিৰাট প্রত্যাহ্বান হৈ পৰিছে। অসমতো পৰিছে ইয়াৰ বিৰূপ প্রভাৱ। বৰষুণৰ অভাৱত খেতিপথাৰত ছিৰাল ফাট মেলাত কঠীয়া সিঁচিব তথা ভূঁই ৰুব নোৱাৰি কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে। এইবাৰৰ এনে প্রাকৃতিক দুর্যোগে কৃষি নিৰ্ভৰশীল অসমৰ অৰ্থনীতি বিপর্যস্ত কৰাৰ আশংকা প্রকট। খৰাং সদৃশ পৰিস্থিতি সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয়- খৰাং পৰিস্থিতিৰ ওপৰত আমি নজৰ ৰাখি আছোঁ। সাধাৰণতে অসমত আগষ্ট মাহলৈকে আমি কঠীয়া পাৰিব পাৰোঁ। আমাৰ ‘বীণা-১১’ নামৰ ধানৰ এটা প্রজাতি আছে। যাৰ দ্বাৰা তিনি মাহত ধান উৎপাদন হ’ব পাৰে। সেইবাবে আমি পৰিস্থিতিটো নজৰত ৰাখিছোঁ। যদি বৰষুণ নাপাওঁ, তেতিয়াহ’লে আমি আনুষ্ঠানিকভাৱে খৰাং ঘোষণা কৰিব লাগিব। আমি ইতিমধ্যে তাৰ প্ৰস্তুতিও কৰি ৰাখিছোঁ। খৰাং ঘোষণা হ’লে প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ পৰা কৃষকসকলক ৰাজ্য চৰকাৰে সহায় কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখ্য যে অস্বাভাৱিকভাৱে বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলত ৰাজ্যৰ ৩৫খন জিলাৰ ২৭খনতে ঠায়ে ঠায়ে খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই ২৭ জিলাৰ ১৪খনত বৃষ্টিপাত বেছিলৈ হ্রাস পোৱাৰ বিপৰীতে আন ১৩খনত ঘাটি হৈছে বৰষুণ। বিশেষকৈ কামৰূপ (মহানগৰ), কামৰূপ, ধুবুৰী, নলবাৰী, বৰপেটা, বঙাইগাঁও আৰু দৰং জিলাত এইবাৰ স্বাভাৱিকতকৈ ৬০ৰ পৰা ৮০ শতাংশ পর্যন্ত বৰষুণ কম হৈছে। ইয়াৰ পৰিৱৰ্তে চলিত বৰ্ষৰ বাৰিষাকালত স্বাভাৱিকতকৈ ৫ ডিগ্রী চেলছিয়াছলৈ ৰাজ্যত বৃদ্ধি পাইছে তাপমাত্রা। আনকি বায়ুমণ্ডলত আৰ্দ্ৰতাৰ তাৰতম্যৰ ফলত ৩৬ ডিগ্রী চেলছিয়াছ তাপমাত্রাতো ৫২ ডিগ্রী চেলছিয়াছৰ উষ্ণতা অনুভূত হৈছে।