বৰষুণ – এহিয়া আহমেদ

বৰষুণ
এহিয়া আহমেদ, মৈৰাবাৰী
অপৰূপ প্ৰকৃতিৰ নান্দনিক দৃশ্য
ডাৱৰৰ নিভাঁজ ক’লা সৌন্দৰ্য
গছৰ পাতত পৰিছে বৰষুণৰ টোপাল;
বতাহে বৰষুণে নেপুৰ বজালে
প্ৰকৃতিয়ে অভ্যৰ্থনা বোৰ সুন্দৰকৈ সজালে
আকাশৰ পৰা সৰা হেঁপাহৰ লহৰে
মন-প্ৰাণ কৰিছে জীপাল।।
তোৰ পৰশতে প্ৰাণ পাই উঠে
মৰহি যোৱা গোলাপ পাহি;
প্ৰেমিক যুগল তিতি-বুৰি জুৰুলি-জুপুৰি
মুখত বিৰিঙে হাঁহি।।
কৃষকৰ মনত আশাৰ সঞ্চাৰ
সেউজীয়া হ’ব ধাননি পথাৰ
হেজাৰটা দুখ মচি সপোবোৰ পুৰণ
কৰিবি, আহিবি প্ৰত্যেকবাৰ।।