বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত দার্জিলিং
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰকৃতিৰ ৰোষত এইবাৰ দাৰ্জিলিং । ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে দাৰ্জিলিঙত। বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে পশ্চিমবংগৰ দার্জিলিং। পাহাৰৰ ৰাণী খ্যাত জিলাখনৰ মিকিৰ আৰু সুখীয়াপোখাৰিত ভূমিস্খলনৰ ফলত অতিকমেও ২০জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ভূমিস্খলনৰ ফলত বংগ আৰু ছিকিম সংযোগী পথ আৰু দার্জিলিং আৰু শিলিগুৰি সংযোগী পথকে ধৰি মূল পথসমূহ বন্ধ হৈ পৰিছে। দার্জিলিঙৰ কেইবাটাও পথত ভূমিস্খলন আৰু প্ৰচণ্ড সোঁতত দলং ভাগি পৰাৰ ফলত যোগাযোগ প্রায় বিচ্ছিন্ন হৈ পৰিছে। মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে এই ঘটনাৰ পাছতে ভিডিঅ’ কনফাৰেঞ্চিংযোগে বৈঠক অনুষ্ঠিত কৰি সকলো তথ্য সংগ্ৰহ কৰাৰ লগতে মৃত লোকসকলৰ প্রতি শোক প্রকাশ কৰিছে। কাইলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰাৰ কথা সদৰী কৰিছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পাহাৰীয়া জিলাখনৰ ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্রকাশ কৰাৰ লগতে পীড়িত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ দার্জিলিঙৰ পৰিস্থিতি গুৰুত্বসহকাৰে লৈ কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। প্রধানমন্ত্রী মোদীয়েও উত্তৰ বংগৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ কথা সদৰী কৰিছে। উত্তৰ বংগত হোৱা ধাৰাসাৰ বৰষুণৰ সমান্তৰালকৈ ভূটানৰ পানীয়েও জলপাইগুৰি, শিলিগুৰি আৰু কোচবিহাৰৰ বহু অঞ্চলত বানপানীৰ সৃষ্টি কৰিছে। পূজাৰ বতৰৰ সমান্তৰালভাৱে হোৱা প্ৰাকৃতিক দুর্যোগৰ ফলত দার্জিলিঙলৈ যোৱা বহু পর্যটক আবদ্ধ হৈ পৰিছে। বিধ্বস্ত পথ আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটক আৰু স্থানীয় বাসিন্দাক ঘৰতে নিৰাপদে থকাৰ বাবে নির্দেশ দিছে। আৰক্ষী আৰু স্থানীয় প্রশাসনে ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।