বৰষুণ – অনামিকা কলিতা

Pc India Today

বৰষুণ 

অনামিকা কলিতা

ধৰাৰ বুকুলৈ, ৰুক্ষ পৃথিৱী জীপাল কৰিবলৈ
নামি আহা বৰষুণ।
নিসুতি জগতখনক এক নতুন জীৱন
দিয়া বৰষুণ।
অমৃতৰ তোপালৰ দৰে, আবেগৰ ঢল হৈ
নামি আহা বৰষুণ।
মুকুতামণিৰ দৰে, জিৰজিৰ কৈ সৰি
নামি আহা বৰষুণ।
ৰিমঝিম সুৰৰ হৃদয়ৰ কবিতা হৈ
নামি আহা বৰষুণ।
উকা কাগজত প্ৰেমৰ ৰাগিনী তুলিবলৈ
নামি আহা বৰষুণ।
হিয়াত আলোড়ন সৃষ্টি কৰিবলৈ,
অতীতৰ মধুৰ স্মৃতিবোৰ জীপাল কৰি
দিবলৈ নামি অহা বৰষুণ।