“বৰষুণৰ কথকতা” – প্ৰস্তুতি দাস

pc ChiniMandi

                                                                                নিয়ৰৰ টোপাল যেন সৰে দুচকুত

                                                                                বৰ্ষাৰ ৰাগীত নামি অহা

                                                                                সেয়া প্ৰণয়ৰ বৰষুণ

                                                                                 নিভাঁজ প্ৰতিশ্ৰুতিৰ

                                                                                 ৰিমঝিম যেন

                                                                                 আঙুলিৰ ফাকেৰে বৈ যাব খোজা

                                                                                  বৰষুণ ভালপোৱা মই আজন্ম প্রেমিকা ৷

 

        বৰষুণ শব্দটো শুনিলেই ৰোমাঞ্চিত হৈ উঠো। মেঘৰ নাচোনত সেউজীয়া হৈ সৰে এজাক বৰষুণ—সপোন যেন বৰষুণ। বৰষুণ ভাল পাওঁ মই। ভাল পায় প্রতিজনে। বৰষুণৰ প্ৰেমত নপৰা কোনোবা আছে জানো এই পৃথিৱীত? যদিওবা কোনো ক্ষণত বৰষুণে কঢ়িয়াই বিষাদৰ ক’লাজ। তথাপি কম-বেছি পৰিমাণে প্রত্যেকেই ভাল পায় বৰষুণক ৷ দেহৰ প্ৰতি সিৰে সিৰে প্ৰৱাহিত হৈ থাকে বৰষুণৰ গোন্ধ। কিয়নো বৰষুণ ভালপোৱাৰ গান৷ উৰুঙা ফাগুনে লঠঙা কৰা প্ৰকৃতিৰ প্ৰাণ সঞ্চাৰ কৰা বৰষুণ সঞ্জীৱনীৰ উশাহ, হৃদয়ত বসন্তৰ উৰুলি দিয়া বৰষুণ সৃষ্টিৰ সোপান, শাওণৰ কৃষকৰ আশাৰ পথাৰত সেউজীয়া সপোন অঁকা বৰষুণ এখন ৰঙীন কেনভাছ। বৰষুণে নষ্টালজিক কৰি তোলে মন। কিয়নো বৰষুণ শৈশৱৰ প্রকৃত লগৰী ৷ শৈশৱতে বৰষুণৰ পানীত কাগজৰ নাও সাজি উটুৱাই দিয়া বৰষুণত তিতি-বুৰি স্কুলৰ পৰা লগৰীয়াৰ সৈতে ধেমালি কৰি ঘৰলৈ উভতি অহা বাখৰুৱা স্মৃতিবোৰে শৈশৱটো পুনঃ এবাৰ জীপাল কৰি তোলে বৰষুণৰ দিনবোৰত।

       বৰষুণ সৃষ্টিৰ সপোন ৷ ৰিমঝিম কৈ সৰি পৰা সপোনৰ বৰষুণজাকে এক নতুনত্ব কঢ়িয়াই আনে বুকুলৈ যেন দুবাহু মেলি আকাশলৈ চাম, হেপাঁহেৰে সপোনৰ ডেউকা সাজি মলয়াৰে উৰি যাম, ৰামধেনুৰ সাতো ৰং দুচকুত সানি পৃথিৱীখন জুমি চাম ৰঙীন সমাহাৰেৰে ৷ বৰষুণ প্ৰণয়ৰ প্ৰতিচ্ছবি ৷ সেয়ে হয়তো বৰষুণ ভালপোৱা মানুহবোৰক ৰোমাণ্টিক আখ্যা দিয়া হয়। বৰষুণে প্ৰেমৰ কথা কয় ৷ যেতিয়া কোনো অনামী সম্পৰ্কই বাৰে বাৰে আকৰ্ষণ কৰে তেতিয়াই মন যায় ভালপোৱাৰ বৰষুণজাকত দুবাহু মেলি এবাৰ তিতিবলৈ, অবুজ শিহৰণৰ অংশীদাৰ হ’বলৈ। বৰষুণক ভাল পাওঁ কাৰণেই নিসংকোচে ব্যক্ত কৰিব পাৰো মনত খু-দুৱাই থকা ভাললগা গোপন অনুভূতিবোৰ। প্ৰেমৰ বৰষুণজাকে হৃদয়ৰ গভীৰৰ পৰা গভীৰতালৈ বিয়পি গৈ পুনঃ এবাৰ নকৈ প্রেমিক-প্ৰেমিকাৰ হৃদয়ত সানি দিয়ে প্ৰণয়ৰ ৰং।

     বৰষুণ অবিহনে সাহিত্যৰ সৃষ্টি আধৰুৱা ৷ বৰষুণে প্ৰেমৰ মায়াজাল ৰচে আৰু সেই জালত বন্দী হৈ ৰয় কবি সাহিত্যিকৰ পৰা গীতিকাৰলৈকে। বৰষুণক অকৃত্রিমভাৱে ভালপোৱা বাবেই হয়তো বৰষুণে ৰহণ সনা ন ন কবিতা, গীতিকাৰৰ হাতত উজ্জীৱিত হৈ উঠা বৰষুণৰ জীপাল গীতবোৰ শুনিবলৈ পাওঁ। প্ৰকৃতিক ভালপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে বৰষুণ ন-সৃষ্টিৰ প্ৰেৰণা। বৰষুণৰ আছে এক অনবদ্য শক্তি। বৰষুণৰ বাবেইতো আমি জীয়াই থাকিবলৈ শিকিছো, ৰঙীন এই পৃথিৱীৰ প্ৰকৃত সৌন্দর্য উপভোগ কৰিছো, বৰষুণৰ বাবেইতো সেউজীয়াবোৰ দুহাতেৰে সাবটি লৈছো।

      ৰিমঝিম বৰষুণজাক যদিও একাংশৰ বাবে আশা-ভৰসাৰ থল, আন একাংশৰ বাবে ই বিষাদৰ চকুলো। কিয়নো বাৰিষাৰ দিনবোৰত মূষলধাৰে নামি অহা শাওণৰ বৰষুণজাকে একাংশ লোকৰ বাবে কালৰূপ ধাৰণ কৰে। ভৰা লুইতৰ বানে তচনচ কৰি পেলায় তেওঁলোকৰ জীৱন। কৃষকে শাওণৰ পথাৰত দেখা সেউজীয়া সপোন নিমিষতে ভাঙি যায়। আনহাতে মহানগৰবাসীৰ বাবেও বৰষুণ এক যমৰ যন্ত্রণাসদৃশ, কিয়নো এজাক বৰষুণে পলকতে উটুৱাই লৈ যায় মহানগৰৰ আভিজাত্য। অবিৰতভাৱে চলি থকা বৰষুণে কৃত্রিম বানৰ সৃষ্টি কৰে মহানগৰীৰ চৌদিশে, ফলত যাতায়াত সমস্যাৰ সম্মুখীন হয় সাধাৰণ ৰাইজ। সেয়াও প্ৰকৃতিৰ সংবিধান উলংঘা কৰাৰ এক পৰিণাম ৷ সেয়েহে এনে পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ প্ৰকৃতি সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ নিজৰেই।

ফোনঃ ৯৬৭৮৮-০৫৫৬৯