বৰষুণজাক আহিল – আয়নাল হক চৌধুৰী

PC - iStock
বৰষুণজাক আহিল
আয়নাল হক চৌধুৰী, ধুবুৰী, আগমণি
আকাশৰ ঠেহ ভাঙি
হুৰ্ হুৰকৈ নামি আহিল
এজাক সপোন-ৰঙী বৰষুণ।
গৰমত ছটফটাই থকা শৰীৰবোৰ
শীতল হৈ পৰিল।
কৃষকৰ ওঁঠত বিৰিঙিল
মিঠা সপোন!
বুকুৱেদি বৈ গ’ল
সেউজীয়া হেঁপাহ !
জীপাল হৈ পৰা গছবোৰে
সলালে উশাহ।
ৰ’দে পোৰা পথাৰখন
সাজু হ’ল কৰ্ষণৰ বাবে।
অপৰূপ প্ৰকৃতিৰ
অপাৰ মহিমা…।