বৰষা যেতিয়া নামে
বৰষা ৰাণী হাজৰিকা
ধূলিয়ৰি বাটেদি
ৰ’দে আঁচল উৰুওৱা পৰত
চৌপাশ শুষ্ক, জঠৰ
ঘৰ্মাক্ত শৰীৰে এৰে উষ্ম উশাহ
তেতিয়াই…!
মনবোৰ তৃষ্ণাতুৰ হৈ পৰে।
এনে লাগে যেন টোপাল টোপাল
কণিকাৰে তিয়াই দেহা,
সপি দিম নিজক মনে প্ৰাণে
বৰষা যেতিয়া ঝিৰঝিৰকৈ নামে…!
মেঘৰ আঁৰৰ পৰা যেতিয়া তোমাৰ
লাজুক চাৱনি ধৰাৰ বুকুত পৰে,
নদ-নদী, জান-জুৰি,
পাহাৰ পৰ্বত, গছ-বিৰিখ
উলাহতে সকলোৱে প্ৰাণ ঢালি নাচে…!
তেতিয়াই…!
ভাগৰুৱা খেতিয়েকৰ দেহা শাঁত পৰে…!
বৰষা যেতিয়া ধাৰাষাৰে
প্ৰকৃতিলৈ চেনেহৰ চুমা যাচে!
তোমাৰ আগমনে জানা
কতজনৰ ওঁঠলৈ হাঁহি ঘূৰাই আনে….
আইৰ চোতালৰ গধূলি গোপাল,
দেউতাৰ পথাৰৰ লহপহীয়া খেতি
গৰখীয়া ককাইৰ লগৰী গৰু কেইটাৰ
বাবে সেই দূবৰিডৰা
বিনন্দীয়া প্ৰকৃতি, সেউজী ধৰা
ন- উছাহৰ নৱ ঢৌৱে
মনবোৰ ৰঙীয়াল কৰে
অপেক্ষাৰত সেইজাক
বৰষা যেতিয়া আমি বিচৰাৰ দৰে নামে
