বৰশী – ৰশ্মি ৰেখা দুৱৰা

Pc Shutterstock

অণুগল্প

বৰশী

ৰশ্মি ৰেখা দুৱৰা

স্কুল কিয় নাই যোৱা এইকেইদিন।তোৰ কথা সকলো ছাৰ-বাইদেউৱে সুধিছে।আৰু কৈছে,নীৰজ ল’ৰাটো বহুত বেয়া হৈ গৈছে।আগৰ দৰে পঢ়াত মনোযোগ নোহোৱা হৈছে।স্কুললৈ কমকৈ অহা হৈছে।নীৰজে বন্ধু ৰমেনক একো উত্তৰ নিদি তলমূৰকৈ বৰশী টোপাই থাকিল।মাক-বাপেক দুয়োজন অসুস্থ।যি এটকা মাছ বিক্ৰী কৰি পায় ভাতসাঁজ খাবলৈও নোজোৰে।বৰশীটোৱে এতিয়া নীৰজৰ সাৰথি।