বৰশী বোৱাৰ মাদকতা – নিবেদিতা হাজৰিকা

বৰশী বোৱাৰ মাদকতা

নিবেদিতা  হাজৰিকা
লখিমপুৰ 

বৰশী বোৱা এক উপভোগ্য ক্ৰিয়া, যাৰ এক সুকীয়া আনন্দ  আৰু মাদকতা আছে।বৰশী বোৱাৰ মাদকতা এক অনাবিল আনন্দ, যিটো অপেক্ষা আৰু মাছ ধৰাৰ এক বিশেষ অভিজ্ঞতাৰ মাজেৰে আহে।যাৰ গভীৰ অনুভৱ বৰশী বোৱা জনেহে উপলব্ধি কৰিব পাৰে।।বাৰিষাৰ সময়ছোৱাত খাল- বিল , পুখুৰী ,নলা আদিত সচৰাচৰ বৰশী বোৱাৰ দৃশ্য দেখা যায়।বৰশী বোৱাৰ অন্যতম ডাঙৰ মাদকতা হৈছে মাছে টোপ গিলি পুঙা ডুবাই নিয়াৰ বাবে কৰা অপেক্ষা কৰা সেই  বিশেষ মুহুৰ্ততো।এই সময়ছোৱাত এক বিশেষ মানসিক প্ৰস্তুতি থাকে।মাছে বৰশীত ধৰা দিয়াৰ লগে -লগে এক অবৰ্ণনীয়  আনন্দ আৰু শিহৰণ অনুভৱ হয়। সেই সময়ৰ  উল্লাসৰ  অনুভূতি বৰশী বোৱা জনেহে অনুভৱ কৰিব পাৰে।বৰশী বোৱাৰ যি মাদকতা সেই সম্পৰ্কে স্ব-নামধন্য সাহিত্যিক হোমেন বৰগোহাঞি দেৱে কৈছিল – সেই বিৰল মুহুৰ্তবোৰৰ   কাৰণে ধৈৰ্যশীল  প্ৰতীক্ষাই আচলতে বৰশী বোৱাৰ সমগ্ৰ মাদকতা।উল্লেখ্য যে,  বিশ্বৰ অধিকাংশ ঠাইতে  বৰশী বোৱা হয় যদিও জলজ সম্পদেৰে পৰিপূৰ্ণ অসমৰ চহা জীৱনত বৰশী জীৱন -জীৱিকাৰো অন্যতম এক কাৰ্য।বৰশী বোৱাৰ আনন্দ কেৱল যে মাছ ধৰা বা মাছ তোলা , এনে নহয় বা ইয়াৰ মাজতে সীমাবদ্ধ নহয়।বৰঞ্চ ই মানুহক সংগ, শিক্ষা আৰু  আনন্দ প্ৰদান কৰে।বিশেষকৈ, যি সকল বৰশী বোৱা অভিজ্ঞতাৰ  লগত পৰিচিত বা এনে কাৰ্যৰ লগত লিপ্ত হৈছে , তেনে লোকেহে ইয়াৰ গভীৰতা অনুভৱ কৰিব পাৰে।  প্ৰকৃতিৰ লগত একাত্ম হোৱাৰো সুযোগ পোৱা যায় এই কাৰ্যৰ দ্বাৰা। বৰশী বোৱা প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ এক সুন্দৰ উপায়।আধুনিক যুগত, য’ত প্ৰকৃতিৰ পৰা মানুহ আঁতৰি গৈছে , তেনে সময়ত বৰশী বোৱা এক মানসিক শান্তি তথা আনন্দৰ  উৎস।

বৰ্তমান প্ৰজন্মৰ বহুতেই হয়তো বৰশী বোৱাৰ অভিজ্ঞতা বা ইয়াৰ মাদকতাৰ সৈতে অপৰিচিত। সময়ৰ অভাৱ, আধুনিক  বিনোদনৰ প্ৰভাৱ  আৰু আন -আন ক্ৰিয়া -কলাপৰ প্ৰতি আকৰ্ষণ বেছি হোৱাৰ বাবে বৰশী বোৱাৰ প্ৰচলন কিছু পৰিমানে হ্ৰাস পাইছে।অৱশ্যে বহু অঞ্চলত আজিও বাৰিষা দিন অহাৰ লগে-লগে বৰশী টোপাই থকা ল’ৰা -ছোৱালী দেখিবলৈ পোৱা যায়।বৰশী বোৱা আজিৰ প্ৰজন্মৰ মাজত এক জনপ্ৰিয় ক্ৰিয়া নহ’লেও , বহু  লোকৰ বাবে  ই এক  বিশেষ আমেজ আৰু আনন্দৰ উৎস।যদিও  বিশ্বায়ন  আৰু  ব্যস্ত  জীৱন শৈলীৰ ফলত বৰশী বোৱাৰ জনপ্ৰিয়তা কমিছে , তথাপিও ইয়াৰ মাজতে এনে বহু ব্যক্তি আছে যিয়ে প্ৰায় লুপ্ত হ’বলৈ ধৰা পৰম্পৰা  আৰু আনন্দ  উপভোগ আজিও কৰি আছে।আধুনিক জীৱনৰ প্ৰভাৱতেই হওঁক বা বাণিজ্যিকীকৰণৰ  প্ৰভাৱতে হওঁক  ই কিছু পৰিমানে হ’লেও হ্ৰাস পাইছে যদিও কিছু লোকৰ বাবে এইয়া এক সুকীয়া আমেজ । বৰশী টোপোৱা পৰম্পৰা বা কাৰ্য কেৱল মাছ ধৰাৰ এক কৌশলেই নহয়, ই লোক জীৱন , সংস্কৃতি আৰু আমোদ – প্ৰমোদৰো এক অবিচ্ছেদ্য অংগ।উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ  গ্ৰাম্য অঞ্চলত বৰশী বোৱা প্ৰতিযোগিতাই এক বিশেষ জনপ্ৰিয়তা আৰু ৰোমাঞ্চকৰ খেল হিচাপে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম  হৈছে।বিশ্বায়নৰ এই সময় খিনিত তথা ব্যস্ততাৰে  ভৰা জীৱনৰ মাজতো বহু লোকে এই পুৰণা খেল বিধৰ আমেজ উপভোগ কৰিব বিচাৰে।আজৰি সময় কটাবলৈ বৰশী বোৱা কাৰ্যটো এক অতি উত্তম উপায় হিচাপে  গ্ৰহণ  কৰিব পাৰিলে বহু সৰ্বনাশী নিচাৰ পৰা উঠি অহা প্ৰজন্ম লাভাম্বিত হ’ব। মনৰ আনন্দত কৰা কামটো যেতিয়া চখ (hobby)  হৈ পৰে ,ক’ব নোৱাৰাকৈয়ে ই নিচালৈ ৰূপান্তৰিত হয়। সাধাৰণ যেন লগা বিষয় বা কাম এটাৰো যে ইমানবোৰ ইতিবাচক দিশ থাকিব পাৰে আমি হয়তো ভাবিয়েই চোৱা নাই। বৰশী বোৱাৰ পুলক, আনন্দ বা নিচাৰ সোৱাদ যি পাইছে তেওঁ পুনৰ বাৰ সেই সোৱাদ ল’বলৈ বা পাবলৈ নিশ্চয়কৈ উৎসুক হৈ থাকে। কিয়নো, ই এনে এক ৰোমাঞ্চেৰে ভৰপুৰ ক্ৰিয়া  যে ইয়াক  ইয়াক সময় অপচয় কৰা কাৰ্য বুলি ভাবিব নোৱাৰি বা ক’ব নোৱাৰি।বৰঞ্চ ইয়াৰ বহুখিনি যোগাত্মক দিশ আছে, যি আমাৰ জীৱনৰ বাবেও বহু খিনি প্ৰয়োজনীয়।উল্লেখ্য যে অৱসৰ বিনোদনৰ বাবেও  ই এক অন্যতম চখ বুলি গৃহীত হৈছে। বৰশী বোৱাৰ পুলক আজিও হয়তো বহুজনৰ বুকুত স্মৃতি হিচাপে পঞ্জীভূত হৈ আছে।