বৰপেটা ৰোড ৰে’লৱে ষ্টেচনৰ সন্মুখত অৱস্থান ধৰ্মঘট
ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটাৰোড ৰে’লৱে কৰ্মচাৰী সকলৰ অন্যতম সংগঠন উত্তৰ পুব সীমান্তৰ ৰে’লৱেৰ এমপ্লইজ ইউনিয়ন বৰপেটাৰোড শাখাই বিভিন্ন অভাৱ অভিযোগ আৰু দাবী জনাই আৱেলি ৩:৩০ বজাৰ পৰা ৫:৩০ বজালৈ বৰপেটাৰোড ৰে’লৱে ষ্টেচনৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে।ইউনিয়নৰ বৰপেটাৰোড শাখাৰ সম্পাদক মালেকউদ্দীন,সভাপতি অৰূপ কুমাৰ বৰুৱা আৰু ৰঙিয়া মণ্ডলৰ মাণ্ডলিক কাৰ্যকৰী সভাপতি নিৰম্মল সৰকাৰ সহিতে ইউনিয়নৰ প্ৰায় দেৰ শতাধিক সদ্যসই এন, পি, এছ পেঞ্চন বাতিল কৰক , ট্ৰেফিক গেটমেন অাৰু অন্যান্য ৰে’ল কৰ্মচাৰীৰ কাম কৰাৰ সময় ১২ ঘণ্টাৰ পৰা ৮ ঘণ্টালৈ হ্ৰাস কৰা,কৰ্মচাৰীৰ শোচনীয় আবাসগৃহ মেৰামতি কৰা,বাৰিষাৰ অহাৰ আগতে ড্ৰেইন সমূহ পৰিষ্কাৰৰ লগতে মেৰামতি,পুনঃ নিৰ্মাণৰ ব্যৱস্থা আদি৷