বৰপেটা সত্ৰত সেৱা গৌৰৱ গগৈৰ

বৰপেটা সত্ৰত সেৱা গৌৰৱ গগৈৰ
বৰপেটা সত্ৰৰ পৰা ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহ্বান গৌৰৱ গগৈৰ
কংগ্ৰেছৰ দিনত সত্ৰই পাইছিল চৰকাৰৰ আঁচনি

ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পৰিদৰ্শন কৰি সেৱা লয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷ কংগ্ৰেছ নেতা দ্বীপ বায়নসহ কেইবাগৰাকী নেতাৰ সৈতে আজি দুপৰীয়া বৰপেটা সত্ৰত উপস্থিত হয় গৌৰৱ গগৈয়ে৷ পৰম্পৰাগত পোছাকত গৌৰৱ গগৈয়ে বৰপেটা সত্ৰত সাষ্টাংগে সেৱা লয়৷ সত্ৰত সেৱা লৈ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ গৌৰৱ গগৈয়ে অসমৰ সত্ৰসমূহৰ আৰ্থিক অৱস্থা সবল হৈ উঠা নাই বুলি কৈ কয় যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ কাৰ্যকালত বিভিন্ন পদক্ষেপেৰে অসমৰ সত্ৰসমূহৰ উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। যাক তেওঁ পৰম কৰ্তব্য বুলি গণ্য কৰিছিল। আজি মই জানিব পাৰিলো যে বৰপেটা সত্ৰৰ উদাসীন ভকতসকলে বহু সময়লৈ কংগ্ৰেছ চৰকাৰৰ দিনৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিছিল। সেয়ে, বৰ্তমান চৰকাৰখনক অনুৰোধ জনাওঁ যে সত্ৰসমূহৰ উন্নয়ন আৰু অৰ্থনীতি সৱল কৰিবলৈ প্ৰচেষ্টা হাতত লওক আৰু তেওঁলোকক স্বাৱলম্বী কৰি তোলক। গৌৰৱ গগৈয়ে সত্ৰৰ সৈতে জুবিন গাৰ্গৰ সম্পৰ্কৰ প্ৰসংগ উত্থাপন কৰি কয় যে প্ৰয়াত জুবিনদা যেনেদৰে আমাৰ বাবে এক অমূল্য সম্পদ, ঠিক তেনেদৰেই অসমীয়া সংস্কৃতিৰ মূল ভেটি বা সম্পদসমূহৰ অন্যতম হৈছে আমাৰ পবিত্ৰ সত্ৰসমূহ। চৰকাৰে প্ৰায়ে কয় যে দেশ তথা ৰাজ্যৰ অৰ্থনৈতিক স্থিতি সবল হৈছে, কিন্তু প্ৰকৃতাৰ্থত আৰ্থিক অৱস্থা সবল হৈ উঠা নাই৷ আনহাতে জুবিন গাৰ্গৰ তদন্তক লৈ কোনো সন্তুষ্ট নহয় মানুহবোৰ এতিয়াও ক্ষোভত আছে বুলি উল্লেখ কৰি গগৈয়ে সকলোকে ‘ৰৈ ৰৈ বিনালে’ চিনেমাখন চাবলৈ আহ্বান জনায়৷ যোৰহাটৰ সাংসদগৰাকীয়ে ৰাইজক আহ্বান জনাই কয় যে জুবিনদাই যিখন অসমৰ কল্পনা কৰিছিল আমি তেওঁৰ অনুপস্থিতিত সেই অসমখন আমি সজীৱ কৰিব লাগে৷ শান্তি-সম্প্ৰীতি বজাই সাংস্কৃতিক ক্ষেত্ৰত অসমখন সবল কৰিব লাগে৷ তেখেতৰ কৰিবলগীয়া কামখিনি বিশেষকৈ অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগে৷ আমি সকলোৱে তেখেতৰ বহু আশাৰ ছবি ‘ৰৈ ৰৈ বিনালে’ অসমৰ মানুহৰ মাজলৈ আহিব৷ সমগ্ৰ অসমৰ মানুহৰ ছবিখন চাবলৈ অনুৰোধ জনাই তেওঁ আৰু কয় যে জুবিনদাই অসমৰ ছবি উদ্যোগ পুনৰ জীৱিত কৰিলে৷ সকলোৰে বাবে এইখন চিনেমা টাৰ্নিংপইণ্ট হওক৷ এই চিনেমাখন এক আন্দোলন হওক৷ যাৰ দ্বাৰা আমি অসমীয়া চিনেমাজগত জুবিনদাই বিচৰাৰ দৰে ভাৰতৰ অন্য ৰাজ্যৰ দৰে শক্তিশালী পৰ্যায়লৈ লৈ যাব পাৰো৷ আমি চিনেমাক্ষেত্ৰখনত প্ৰতিযোগিতাত কৰি বিশ্বমানলৈ যাতে লৈ যাব পাৰো৷ আনহাতে, আজি গৌৰৱ গগৈয়ে সৰ্থেবাৰীৰ খ্যাতনামা কাঁহশিল্পৰ কঁহাৰ শালসমূহত আৰু বৰপেটাৰ আতচবাজী উদ্যোগৰ স্থানীয় শিল্পীসকলক সাক্ষাৎ কৰে৷ স্থানীয় শিল্পীসকলক সাক্ষাৎ কৰি মত-বিনিময় কৰে। আলোচনাত অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ প্ৰতিনিধি আৰু শিল্পীসকলে তেওঁলোকৰ উদ্যোগটো ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰা বুলি গৌৰৱ গগৈক অৱগত কৰে৷ গৌৰৱ গগৈয়ে আলোচনাৰ অন্তত কয় যে শিল্পীসকলৰ কথা শুনি জাতীয় উদ্যোগটোৰ বাবে যে কিবা এটা কৰাৰ প্ৰয়োজন সেয়া বাৰুকৈয়ে অনুভৱ হ’ল। আনহাতে বৰপেটাৰ গণকপাৰাত থকা আতচবাজী উদ্যোগৰ কৰ্মচাৰীসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ দৈনন্দিন সুৰক্ষা তথা উৎপাদনৰ সমস্যাসমূহৰ বিষয়ে বুজ লয়। আতচবাজী উদ্যোগক লৈ গৌৰৱে কয় যে মই তেওঁলোকক কথা দিওঁ যে অসমত কংগ্ৰেছ চৰকাৰ গঠন হ’লে কেঁচামালৰ উপলব্ধতা, ৰাজসাহায্য, আধুনিক প্ৰশিক্ষণ আৰু ব্ৰেণ্ডিঙৰ সৈতে কাঁহ শিল্প উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ লগতে প্ৰসাৰৰ বাবে পূৰ্ণ প্ৰয়াস কৰা হ’ব। কংগ্ৰেছ চৰকাৰৰ সময়ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সৰ্থেবাৰীৰ কাঁহ শিল্প উদ্যোগটিক ৫ কোটি টকা আৰু বৰপেটাৰ আতচবাজী উদ্যোগটোক ৪ কোটি টকাৰ বিশেষ আৰ্থিক সাহায্য দিছিল, যিয়ে বহু পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰি দিছিল। ইয়াৰ উপৰি প্ৰয়াত তৰুণ গগৈয়ে সমবায় ক্ষেত্ৰখনক অসমৰ অৰ্থনৈতিক উন্নয়নৰ বুনিয়াদ হ’ব বুলি চিন্তা কৰিয়েই অসমত ৰাজীৱ গান্ধী কো-অপাৰেটিভ মেনেজমেণ্ট বিশ্ববিদ্যালয় স্থাপন কৰিছিল বুলিও কয় গৌৰৱ গগৈয়ে৷