বৰপেটা জিলাৰ গণকপাৰা গাঁৱৰ পিৰলাভিঠাবাসীলৈ প্ৰশাসনে দিয়া উচ্ছেদৰ জাননীৰ বিৰুদ্ধে সংবাদ-মেল

বৰপেটা জিলাৰ গণকপাৰা গাঁৱৰ পিৰলাভিঠাবাসীলৈ প্ৰশাসনে দিয়া উচ্ছেদৰ জাননীৰ বিৰুদ্ধে সংবাদ-মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৯০১ চনৰে পৰা বসতি আৰম্ভ কৰা বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ নাতি দূৰৰ গাণকপাৰা গাঁৱৰ পিৰলাভিঠাৰ ১১৭ ঘৰ মানুহক পীড়লা সত্ৰৰ মাটি অবৈধ বেদখলকাৰী বুলি সুদীৰ্ঘ ১২৩ বছৰ পাছত প্ৰশাসনে হঠাৎ উচ্ছেদৰ জাননী দিয়াত মানুহখিনিৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।-এই মন্তব্য মুছলিম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি জালালুদ্দিনৰ৷  দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত এইদৰে কয়৷তেওঁ পুনৰ কয়- চেঙা সমষ্টিৰ অকৰা বিলৰ মাজত থকা গণকপাৰা গাঁৱৰ পিৰলাভিঠাৰ ৩৮ টা দাগৰ নিছফ খিৰাজি পট্টা-১ ৰ মুঠ ১০১ বিঘা ৯ লেছা মাটিত বিগত ১২৩ বছৰে বসতি কৰি অহা মানুহখিনিক চেঙা ৰাজহ চক্ৰ বিষয়াই যোৱা ২১-০৯-২০২৩ ইং তাৰিখে ৩০ দিনৰ সময়দি উচ্ছেদৰ জাননী দিয়ে। চাৰিওফালে পানীৰে আগুছি থকা বিলৰ মাজৰ সৰু ঠাই খনৰ দৰিদ্ৰ মানুহখিনিয়ে হঠাৎ এনে উচ্ছেদৰ জাননী পাই দিশহাৰা হৈ পৰিছে। সমুখত ল’ৰা-ছোৱালীৰ পৰীক্ষা । চাৰিও ফালে এবুকুকৈ পানী।এওঁলোক শ্ৰমজীৱী দৰিদ্ৰ মানুহ। পুনৰবাসনৰ কোনো সুবিধা নাই। এনে এক জটিল সময়ত প্ৰশাসনে মানুহখিনিক উচ্ছেদ কৰিলে তেওঁলোকৰ ভয়ানক বিপদ হ’ব পিৰলাভিঠা’ বাটগাঁও পঞ্চায়তৰ গনকপাৰা গাঁৱৰ অকৰা বিলৰ মাজৰ এখন সৰু উপ গাঁও। বিলৰ মাজৰ এই সৰু উপ গাঁও খনত ১৯০১ চন মানৰ পৰাই প্ৰথমে পাঁচটা মুছলিম পৰিয়ালেৰে বসতি আৰম্ভ হয়।তেওঁলোক আছিল ক্ৰমে আব্দুল গফুৰ খন্দকাৰ, জাবেদ মুন্সী, ইছমাইল মৌলবী, ছাহেদ দেৱান আৰু নান্দু মিঞা। এই মানুহ সকলে গাঁও খনৰ মাটিৰ পট্টাদাৰ শ্ৰী হৰ গোবিন্দ গোস্বামী (বহৰি) আৰু শ্ৰী মাধব চন্দ্ৰ গোস্বামী (চেঙা) ৰ পৰা ১০১ বিঘা মাটি ৮০ টকা ২ অনাৰে কিনিলৈ বাৰ্ষিক ঠিকাৰ চুক্তিত ৰায়তী হিচাবে বসতি আৰম্ভ কৰে। পিছলৈ ফচল উৎপাদনৰ এক নিৰ্দিষ্ট অংশ খাজনা হিচাপে পট্টাদাৰ গোস্বামীসকলক আদায় দি থাকে। ১৯১৩ চনত পিৰলাভিঠাৰ ইছলাম ধৰ্মালম্বী মানুহখিনিয়ে গাঁও খনত এখন মছজিদ নিৰ্মাণ কৰে। পাছলৈ ঠিকা পদ্ধতিৰ নিয়ম সলনি হৈ ১৯৩৩-৩৬ ৰ পৰা অস্থায়ী বন্দোবস্তিত নিয়মীয়া খাজনা দিয়া আৰম্ভ হয়। পট্টাদাৰ গোস্বামীসকলৰ নামত পিৰলাবাসীয়ে খাজনা আদায় কৰি গৈ থাকে। খাজনা আদায়ৰ ৰছিদ পিৰলাবাসীৰ হাতে হাতে। পিৰলাভিটা বাসীৰ বাবে খাজনা আদায়ৰ নিয়ম সুকীয়া আছিল। চৰকাৰী খাজনাৰ দ্বিগুণ। এভাগ চৰকাৰৰ আন ভাগ পট্টাদাৰ গোস্বামীসকলৰ।১৯৫৮-৫৯ চনত দেশত জমিদাৰী প্ৰথাৰ বিলুপ্তি ঘটাত মাটিৰ পট্টাদাৰসকলে পিৰলাভিঠাৰ মানুহসকলক ৰায়তী খতিয়ান প্ৰদান কৰে। ১৯৬৩ চনত পট্টাদাৰ বহৰিৰ শ্ৰী ধৰনীধৰ দেব গোস্বামী আৰু শ্ৰী ভুবন চন্দ্ৰ দেব গোস্বামীৰ আপত্তিবিহীন সন্মতিক্ৰমে পিৰলাভিঠাৰ ছয় ঘৰ মানুহক চৰকাৰী কৰ্তৃপক্ষই ১৮ টা দাগত (ক্ৰমে ৪১২,৪০৮,৪০৭, ৪১৩,৪৬৩,৪১৪, ৪১৫,৪১১, ৪০৯,৪১৭,৪০৪,৪০২,৪০০,৩৮০,৪১৮,৪২৫,৩৯৯) মুঠ ৫১বিঘা মাটিৰ বন্দোবস্তি (Settlement) দিয়াত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জমাবন্দীত পূৰ্বৰ পট্টাদাৰসকলৰ লগতে এওঁলোকৰো যুটীয়া ভাবে নামজাৰি হয়। তেওঁলোক আছিল ক্ৰমে জাবেদ দেৱান, আবুবক্কৰ মিঞা ,নান্দু মিঞা ,আব্দুল গফুৰ মিঞা,তৰফ আলী মিঞা আৰু মহিৰন নেছা । উক্ত বছৰতে পট্টাদাৰ চেঙাৰ শ্ৰী হৰ গোবিন্দ গোস্বামীৰ পুত্ৰ ক্ৰমে ৰজনী কান্ত গোস্বামী , অৰবিন্দ গোস্বামী আৰু আদ্যনাথ গোস্বামী সকলৰ আপত্তিবিহীন সন্মতি সাপেক্ষে চৰকাৰী কৰ্তৃপক্ষই পুনৰ ৩৩ বিঘা মাটিত আৰু ছয় গৰাকী পিৰলাভিঠাৰ নাগৰিকক মাটিৰ বন্দোবস্তি (Settlement) দিয়ে। তেওঁলোক আছিল , ক্ৰমে মজলিছ খান, হাসমত খান, মতলেপ খান, মানিক মীৰ, নোৱাব আলী খান আৰু তৰফ আলী খান। এনেদৰে মাটিৰ বন্দোবস্তি হৈ গৈ থাকি ১৯৭৪ চনত ১০১ বিঘা ৯ লেছা মাটিৰ আটাইখিনিতে পিৰলাৰ মানুহৰ নামত চৰকাৰী বন্দোবস্তি (Settlement) হয়। এই বন্দোবস্তিৰ নথীও পিৰলাবাসীৰ হাতে হাতে। ১৯৯১ চনৰ ২৪ মাৰ্চ আৰু ১৯৯২ চনৰ ২৬ এপ্ৰিলত পিৰলাভিঠাৰ মাটিৰ পট্টাদাৰৰ উত্তাৰাধিকাৰ ক্ৰমে ডম্বৰুধৰ গোস্বামী আৰু নৰেন্দ্ৰ নাথ গোস্বামীয়ে পিৰলাভিঠাৰ ১০১ বিঘা ৯ লেছা মাটি পুনৰ বিঘা প্ৰতি ৩০০ টকা দৰত মুঠ ৩৩,০০০ হেজাৰ টকাত বিক্ৰী কৰে।২০০৪ লৈকে সকলো ঠিকে- ঠাকে আছিল। পাছত গাঁও খনৰে মান্নাফ দেৱানকে ধৰি ছ-গৰাকী লোকে গণকপাৰা (পিৰলা)ৰ নিছফ খিৰাজ পট্টানং ১ ৰ ৩১৮ নং দাগৰ ১৭ বিঘা ২ কঠা ৬ লেছা মাটিৰ মালিকীস্বত্বৰ অধিকাৰ বিচাৰি বৰপেটা জিলা মহকুমাধিপতি (সদৰ) ৰ আদালতত টি আৰ নম্বৰ -৮০/২০০৩-০৪ ত এক গোচৰ ৰুজু কৰে। উক্ত গোচৰৰ ০৯- ০১-২০০৪ তাৰিখৰ ৰায়ত বৰপেটা জিলা মহকুমাধিপতিয়ে গোচৰীয়াৰ পক্ষত ৰায় প্ৰদান হয় ।বৰপেটা জিলা মহকুমাধিপতি (সদৰ) ৰ উক্ত ৰায়ৰ বিৰুদ্ধে পট্টাদাৰ শ্ৰী দ্বিপেন্দ্ৰ নাথ গোস্বামীয়ে অসম ৰাজহ বিভাগত এবিআৰ কেছ নং ২২আৰ এ(বি)/২০০৪ নম্বৰত এক গোচৰ ৰুজু কৰে। উক্ত গোচৰৰ ১৮-০৭-২০০৫ তাৰিখৰ ৰায়ত ৰাজহ বিভাগে বৰপেটা মহকুমাধিপতি (সদৰ)ৰ ৰায়ক নাকচ কৰি দ্বিপেন্দ্ৰ নাথ গোস্বামীৰ আবেদনৰ পক্ষত ৰায় প্ৰদান কৰে।বৰপেটা জিলা উপায়ুক্তই ১১-০৪-২০২২ ইংৰাজী তাৰিখৰ হুকুম নং বি.আৰ.কে.জি -৩৫/২০২০/ডিমাৰকেশ্বন/১৪৪ যোগে চেঙা ৰাজহ চক্ৰ বিষয়াক গণকপাৰা ( পিৰালভিঠা)ৰ নিছফ খিৰাজি পট্টাৰ-১ ৰ ১০১ বিঘা ৯ লেছা মাটিৰ নথি সংশোধন কৰি পিৰলা সত্ৰৰ নামত নামজাৰি কৰিবলৈ নিৰ্দেশ কৰে। সেই মতে চেঙা ৰাজহ চক্ৰ বিষয়াই গণকপাৰা( পিৰলাভিঠা) গাঁৱৰ ১০‍১ বিঘা ৯ লেছা মাটিত থকা পূৰ্বৰ পট্টাদাৰ সকলৰ নাম কৰ্তন কৰি পীড়লা সত্ৰৰ নামত নামজাৰি কৰে। জিলা উপায়ুক্তৰ ১১-০৪-২০২২ তাৰিখৰ নিৰ্দেশনা আৰু চেঙা চক্ৰ বিষয়াৰ ০৬-০৫ -২০২২ তাৰিখৰ মাটিৰ নথী সংশোধনৰ বিৰুদ্ধে পট্টাদাৰ চেঙাৰ হিৰণ্য কুমাৰ গোস্বামীয়ে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউপিচি নং ৩০০৩/২০২২ ত এক গোচৰ তৰি বিতৰ্কিত গাঁও খনত ‘পিৰলা সত্ৰ’ বুলি কোনো সত্ৰৰ অস্তিত্ব নাছিল আৰু এতিয়াও নাই বুলি কয় যদিও মাননীয় উচ্চ ন্যায়ালয়ে গোচৰীয়াৰ আবেদন নাকচ কৰি জিলা উপায়ুক্তৰ নিৰ্দেশনাকে বাহাল ৰাখে। ২০২১ চনৰ ডিচেম্বৰত বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত সত্ৰ কমিচনৰ এটি সজাতি দলে পিৰলাভিঠা গাঁওখনৰ চৰজমিন তদন্ত কৰিবলৈ আহি সজাতি দলটোৱে পিৰলাত কোনো সত্ৰৰ অস্তিত্ব দেখা নাপাই এখন সত্ৰ বা মন্দিৰ পাতি দিবলৈ পিৰলাৰ মুছলিম মানুহখিনিক আহ্বান জনায়। পিৰলাত সত্ৰ বা মন্দিৰ এখন পাতি দিলে পিৰলাৰ মুছলমান খিনিৰ ভাল হ’ব বুলি বহৰিৰ কিছু নেতাই বুজনি দি কোৱাত, তাকে বিশ্বাস কৰি পিৰলাৰে কিছু মুছলমানলোকে যোৱা ২০২২ৰ ডিচেম্বৰত টিনপাতৰ চালিৰে নতুনকৈ এখন মন্দিৰ সাজি দিয়ে।অৱশেষত চেঙা ৰাজহ চক্ৰ বিষয়াই যোৱা ২১-০৯- ২০২৩ ইংৰাজী তাৰিখত ৩০ দিনৰ সময় -সীমা বান্ধি দি সত্ৰৰ মাটি অবৈধ বাবে বেদখল কৰা বুলি কৈ ৩৮ টা দাগৰ ১০১ বিঘা ৯ লেছা মাটিত বসতি কৰি থকা ১১৭ টা পৰিয়ালক উচ্ছেদৰ জাননী দিয়ে। উচ্ছেদৰ জাননী পোৱাৰে পৰা ১১৭ টা পৰিয়ালৰ ঘৰবোৰত এক বেদনাদায়ক অৱস্থাই বিৰাজ কৰিছে। সমুখত বিপদ নিশ্চিত বুলি জানিব পাৰি শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে কেবল কান্দিছে আৰু কান্দিছে। এওঁলোক ভাৰতীয় নাগৰিক। এওঁলোকে গাঁও খনত ১৯১৩ চনত মছজিদ আৰু ১৯৬২ চনত অসমীয়া মাধ্যমৰ বিদ্যালয় পাতিছে। সকলোৰে নাম আছে ১৯৫১ চনৰ এন আৰ চিত। গাঁও খনত ১২৩ বছৰে বসতি কৰি অহা এই মানুহসকলৰ মাটিৰ মালিক(পট্টাদাৰ) সকলৰ লগত কোনো কালেই কোনো কাজিয়া কিম্বা বিবাদ হোৱা নাছিল।সত্ৰৰ মাটি উদ্ধাৰৰ প্ৰতিশ্ৰুতিৰে দিছপুৰত নতুন চৰকাৰখন বহাৰে পৰা গণকপাৰা গাঁৱৰ পিৰলাভিঠাৰ উক্ত মাটিখিনি সত্ৰৰ মাটি বুলি চৰ্চা চলি থকাটো সঁচা। পিছে মানুহখিনিয়ে বসতি আৰম্ভ কৰা সময়ত গাঁও খনত কোনো সত্ৰ থকাৰ চিন বা খবৰ নাছিল। এনেকি মাটিখিনিও সত্ৰৰ নামত নাছিল। গোস্বামী উপাধিৰ ব্যক্তিগত মানুহৰ নামতহে আছিল মাটিখিনি। কেইবা শতিকা পূৰ্বে গাঁও খনত সত্ৰ থাকিলেও থাকিবও পাৰে। আৰু মাটিখিনিও হয়তো তেতিয়াৰ আহোম স্বৰ্গদেউ সত্ৰৰ উদ্দেশ্যে দান কৰাও হ’ব পাৰে। পিছে মাটিখিনি সত্ৰৰ নামত নাথাকি কোনোবা গোস্বামী উপাধিৰ ব্যক্তিগত নামত থাকিল। মাটিৰ পট্ৰাদাৰসকলে আকৌ মাটিখিনি সত্ৰৰ নহয় বুলি কৈ ন্যায়ালয়ত গোচৰ পৰ্যন্ত ৰুজু কৰিছে। মাটিৰ পট্ৰাদাৰ সকলেই এই মুছলমান মানুহসকলক বহুৱাই ৰায়তী প্ৰদানেৰে নিয়মীয়াকৈ খাজনা লৈ আহিছিল। সময়ে সময়ে বেচা-কিনা কৰি টকালৈ চুক্তি পত্ৰও লিখি দিছে। এনেকি মাটিৰ পট্ৰাদাৰ সকলে আপত্তিবিহীন প্ৰমান পত্ৰ দিও মানুহখিনিক ১৯৬৩ চনতে বন্দোবস্তি (Settlement) ৰে জমাবন্দীত নাম তোলাত সহায় কৰি দিছিল৷তেনেস্থলত এই পঢ়া-শুনা নজনা অতি দৰিদ্ৰ শ্ৰমজীৱী মানুহখিনিয়ে মাটিখিন সত্ৰৰ আছিল বুলি কিদৰে জানিব ? সত্ৰৰ মাটি বুলি জানিও যদি পট্ৰাদাৰসকলে এই শ্ৰমজীৱী দৰিদ্ৰ মুছলমানসকলক ৰায়তী প্ৰদান কৰিছিল , তাৰ বাবে মাটিৰ পট্ৰাদাৰসকলেই জগৰীয়া নহ’ব জানো? তেনেস্থলত, চেঙা ৰাজহ চক্ৰ বিষয়াই কোনটো যুক্তিত এই নিৰ্দোষী মানুহসকলক অবৈধ বেদখলকাৰী বুলিকৈ উচ্ছেদৰ জাননী দিব পাৰে ৷যিহেতু এই মানুহসকলে পিৰলাৰ মাটিৰ ৰায়তীৰ অধিকাৰী হওঁতে বা বেচা- কিনা কৰোঁতে কোনো ধৰণৰ ভুল নাই আৰু যদি কিবা ভুল কৰিছে সেয়া পট্ৰদাৰসকলে কৰিছে। তাৰ সকলো প্ৰায়শ্চিত ভোগ কেবলমাত্ৰ মুছলমান হোৱা বাবেই এই দুৰ্বল মানুখিনিয়ে কিয় কৰিব? ই জানো যুক্তি সঙ্গত হ’ব? ই জানো মানবীয় কাম হ’ব৷সেয়ে অসম চৰকাৰ, অসম সত্ৰ কমিচন, অসম সত্ৰ মহাসভা, জিলা প্ৰশাসন , বিভিন্ন দল-সংগঠনকে ধৰি অসমৰ ৰাইজলৈ আমাৰ ১১৭ ঘৰ পিৰলাভিঠা বাসীৰ অতি বিনয়েৰে আকুল কাকতি যে চাৰিওফালে এবুকুকৈ পানী থকা অৱস্থাত এতিয়াই উচ্ছেদ হ’ব নালাগে। অহা ১০ অক্টোবৰৰ পৰা ল’ৰা- ছোৱালীৰ পৰীক্ষা। চাৰিওফালে পানী থকাত বিকল্প আশ্ৰয়ৰ কোনো ব্যবস্থা নাই। উচ্ছেদ যদি কৰিবই লাগে পানী কমালৈ আৰু তিনি/চাৰি মাহ সময়দি কৰক, মানুহখিনিৰ বিপদ কম হ’ব। দ্বিতীয়তে, মানুহখিনি যিহেতুকে অবৈধ বেদখলকাৰী নহয়, পিছলৈ উচ্ছেদিত হ’ব লগা এই দৰিদ্ৰ মানুহখিনিক পুনৰ বাসনৰ বাবে মাটি আৰু আৰ্থিক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰৰ ওচৰত কাতৰ আবেদন কৰিছোঁ। যিহেতু মানুহখিনি ভাৰতীয় নাগৰিক আৰু ভাল অসমীয়া৷এই ক্ষেত্ৰত ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক বন্ধু- বান্ধবীসকলক মহা বিপদত থকা আমাৰ এই মানুহখিনিক সহায় কৰিবলৈ চৰকাক হেঁচা দিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ৷