বৰপেটাৰ হোলী গীত পৰিৱেশনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটা সত্রত উপস্থিত হৈ দৌল মহোৎসৱৰ দ্বিতীয় ভৰদৌলৰ দিনা সত্রখন দর্শন কৰে আৰু অসমবাসীৰ মংগল কামনাৰে সেৱা আগবঢ়ায় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শর্মাই সত্ৰৰ চৌহদত হোলীগীত পৰিৱেশনতো অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ নৱনির্মিত বৰপেটা আৱৰ্ত ভৱনটো উদ্বোধন কৰে। দৌল মহোৎসৱত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কয় যে প্ৰতিবছৰে হোলীৰ দিনা বৰপেটা সত্ৰলৈ আহিবলৈ তেওঁ চেষ্টা কৰে। এইবাৰো এই পৱিত্ৰ দিনটোত বৰপেটা সত্ৰলৈ আহি দৌল গোবিন্দক সেৱা কৰাৰ সৌভাগ্য হ’ল বুলি মন্তব্য কৰি তেওঁ কয় যে হোলীৰ সময়ত বৰপেটা সত্ৰ বৈকুণ্ঠপুৰীত পৰিণত হয়।

মুখ্যমন্ত্ৰীয়ে বৰপেটাত নৱনির্মিত আৱৰ্ত ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে। এই উপলক্ষে উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে বৰপেটা জিলালৈ বৰপেটা সত্ৰ আৰু ইয়াৰ ওচৰ-পাঁজৰে থকা সত্ৰসমূহ দৰ্শনৰ বাবে যথেষ্টসংখ্যক ভক্ত আৰু পৰ্যটকৰ আগমন ঘটে। তদুপৰি, চৰকাৰী বিষয়াসকলো বিভিন্ন কামৰ বাবে জিলাখনলৈ আহে। তেওঁলোকৰ থকাৰ সুবিধাৰ বাবে পুৰণি আৱৰ্ত ভৱনটো ভাঙি ২০টা কোঠাৰ এই নতুন আৱৰ্ত ভৱনটো নিৰ্মাণ কৰা হৈছে। নতুন আৱৰ্ত ভৱনটোৰ ভিআইপি কোঠা দুটা ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী থাকিব পৰা মানেৰে নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ কয়। ভৱিষ্যতে বৰপেটাত এটা সংহত জিলা আয়ুক্ত কার্যালয় নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ আগন্তুক সময়ত বহৰি সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু গণককুছি সত্ৰৰ উন্নয়নৰো পদক্ষেপ গ্রহণ কৰা হ’ব বুলি কয়।

উল্লেখ্য যে প্রায় ১৪ কোটি টকা ব্যয়েৰে তিনি মহলীয়া আৱৰ্ত ভৱনটো নিৰ্মাণ কৰা হৈছে। ইয়াত এটা সভাকক্ষ, ভিআইপি কোঠা, ডিলাক্স কোঠা, এক্সিকিউটিভ কোঠা, অপেক্ষা এলেকা, ৰান্ধনিঘৰ আদি সন্নিৱিষ্ট কৰা হৈছে। আৱৰ্ত ভৱনৰ কাষতে সুৰক্ষা কৰ্মী আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ বাবে কোঠা, ডাইনিং হল, ডৰমিটৰী, ভূমি মহলাত পার্কিং আদিৰ সুবিধা সংলগ্ন আন এটা তিনিমহলীয়া ভৱনো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ আজিৰ এই দুয়োটা কাৰ্যসূচীতে বৰপেটা জিলাৰ অভিভাৱক মন্ত্রী তথা পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস প্রমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
