বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসালয় মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসালয় মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্মীয়মাণ মহিলা আৰু শিশু ব্লকৰ কামৰ অগ্ৰগতিৰ বুজ লয়। ১০০ বিচনাযুক্ত মহিলা আৰু শিশু ব্লকটোৰ সেৱা অহা আগষ্ট মাহত আৰম্ভ হ’ব ৷ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ে জিলা প্ৰশাসনৰ সহযোগত চিকিৎসা মহাবিদ্যালয়খনৰ পৰা নৱজাতকক লৈ পিতৃ-মাতৃয়ে ঘৰলৈ ওভতি যোৱাৰ সময়তে জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিছে৷ আজি এই সময়ছোৱাত মাননীয় মুখ্যমন্ত্রীয়ে এই পদক্ষেপ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি ৬জন অভিভাৱকক তেওঁলোকৰ সন্তানৰ জন্মৰ প্ৰমানপত্ৰ আৰু আধাৰ কাৰ্ড প্ৰদান কৰে ৷